পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ সিহঁতে কান্দিছে। সেইদেখি কটোৱালহঁতৰ মৰম লাগি মাক-পুতেকক কড়ি দুঅঁৰা দি থৈ গুচি গ'ল। পাছদিনা তিলনি পৰিল। কিন্তু বাপেকক তেতিয়ালৈকে খৰি দিয়া নহ'ল। পুতেক বিবুদ্ধি। খৰি দিবও নোৱাৰি; ৰজাৰ কটোৱালে ধৰিব ভাবি-চিন্তি সি বুধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰো দিহা কৰিব লাগে। ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গ'ল; বহুত কাঠৰ তলত মূৰটো থ’লে আৰু ওপৰত দুটা চৰুত মগুমাহ, জহা চাউল দি তলত জুই জ্বলাই দিলে। যেতিয়া মূৰত জুই লাগিলগৈ, মানুহ পোৰাৰ গোন্ধো চাৰিওপিনে ওলাই গ'ল। গোন্ধ পাই কোটোৱালহঁত লৰি আহিল। আহি সিহঁতে দেখিলে যে তাত মানুহ পোৰা নাই; এক সন্যাসীয়ে গাত ছাই সানি ভাং হুপি জুইৰ ওচৰতে বহি আছে। সিহঁতে সন্যাসীক ভক্তিভাৱে সেৱা কৰিলে। সন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে আৰু ভাং খুৱাই ভোল নিয়াই প্ৰসাদ খাবলৈ দিলে। যেতিয়া বাপেকৰ মূৰ পোৰা শেষ হ’ল তেতিয়া সিহঁতক সন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে। ইয়াৰ পিছত পুতেকে ঘৰলৈ গুচি আহি মাকৰ আগত সকলো বৃত্তান্ত ভাঙি ক’লত মাকৰ আনন্দ মিলিল। আকৌ বাপেকৰ কাজৰ সময় হ’লহি। তাৰ নিমিত্তে সি সকলো দিহা-পোহা কৰিলে আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে। কিয়নো, ৰজাৰ পুৰোহিতজন কুকুৰীকণা। সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধতকৈ লৈ আহিলগৈ। বামুণৰ ঘৰৰ পৰা বৰচোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হ’ব লাগে। সি সেই নৈ আৰু গড় দুয়োটাকেই বামুণক সাতবাৰকৈ পাৰ কৰালে আৰু তাৰ সাতোটা নাম বামুণৰ আগত ক’লে। তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলঙ্কাৰবোৰ দি বামুণক আকৌ