সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
 

আমি যি আছোঁ সেয়ে থাকোঁ। মোৰ স্বামীও অতি সুশ্ৰী সুবেশ; তেওঁক বিচাৰি উলিয়াবলৈ আমি দুয়ো বিশেষ যত্ন কৰিব লাগে।”

 এইদৰে দুয়ো পৰামৰ্শ কৰি হুবহু সোণপাহীৰ নিচিনা মাটিৰ মূৰ্তি এটা কৰাই, সাজপাৰ পিন্ধাই নাও বন্ধা ঘাটত থোৱাই পহৰীয়া ৰাখি পহৰীয়াক ক’লে যে, যি যি মানুহে মূৰ্তিটোৰ ওচৰলৈ আহি মূৰ্তিটোক ধৰি দুখ-বেজাৰ কৰে সেই সেই মানুহক তেওঁলোকৰ ওচৰলৈ লৈ যাব। ইয়াৰ কিছুদিনৰ পাছত সেই যুৱৰাজে ঘাটত নাও লগাই মূৰ্তিটো দেখি চকুলো টোকা দেখি পহৰীয়াই সোণপাহীৰ ওচৰলৈ তেওঁক লৈ আহিল। সোণপাহীয়ে তেওঁক বন্দীশাললৈ নি পৃথক ঘৰত থ'বলৈ ক'লে আৰু দুখ কৰিবলৈ নিদি বহুৱাই থৈ মজলীয়াৰূপে খুৱাই-বুৱাই ৰাখিবলৈ দিলে। তাৰ পাছত চোৰ সাতোটাক আনি দিলত সিহঁতক নি খচি বন কৰাবলৈ আৰু কদৰ্যৰূপে খুৱাই বন্দীশালত থ'বলৈ তেওঁ ক'লে। ইয়াৰ কিছুদিনৰ পাছত সদাগৰ পালেহি। তাকো আনি হাজিৰ কৰিলত ৰজাৰ ল'ৰাৰ দৰে পৃথক ঘৰত ৰাখি বন-বাৰী কৰাবলৈ সোণপাহীয়ে ক'লে। এইদৰে এমাহমানৰ পিছত ফকীৰৰ বেশেৰে মানুহ এটা লৰমাৰি আহি মূৰ্তিটোৰ ওচৰত ঢাচ্ কৰে পৰি মুচ্‌কচ্ গ'ল। পহৰীয়াই তাক সেই অৱস্থাৰে দাং-দোলাকৈ নি সোণপাহীৰ আগত উলিয়ালেগৈ। তেওঁ ততালিকে তাক চিনি পাই ভিতৰলৈ নিয়াই নিজে অনেক যত্ন কৰি সজ্ঞান কৰালে আৰু উত্তমৰূপে সেৱা-শুশ্ৰূষা কৰাই খাবলৈ শুবলৈ দি বিশেষ তদাৰক কৰিলে। সোণপাহীয়ে নিতৌ সেই মানুহটোৰ ওচৰত বহি তেওঁৰ কথাবোৰ খুচৰি উলিয়াই শুনি থাকে। ফকীৰে মাথোন মাজে মাজে দীঘল হুমুনিয়াহ কাঢ়ি চকুলো টোকে; নোমলেই যে সেইবোৰ কথা সোণপাহীক কৈছে সেই কথা নোমলে জনা নাই; কাৰণ সময়ে দুয়োৰো অৱস্থাৰ পৰিৱৰ্তন কৰিলে। সোণপাহীয়ে মনে মনে ৰজাৰ ভনীয়েকক ক'লে, “এয়ে মোৰ হেৰোৱা স্বামী, যাক ধৰাবৰ নিমিত্তে এই বুদ্ধি সজা হৈছিল।” তেতিয়া দুয়ো নানা প্ৰকাৰে নোমলৰ সেৱা- শুশ্ৰূষা কৰিবলৈ ধৰি তাৰ গা অনেক গুণে ভাল কৰালে।

 পাছে এদিন সভা পাতি ভাও জোৰা ৰাজকুমাৰ সিংহাসনত বহি