সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
 

সোমাল। ৰাতিপুৱা বাকী তিনিজনে পুনৰ তেনে ঘটনা ঘটা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে। সেই ৰাতিও পূৰ্বৱতে তেওঁলোক এজোপা গছৰ তলত শুই থাকোতে তিনিজনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে। ৰাতিপুৱা বাকি থকা দুই সখিয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে।

 গধূলি দুয়ো আগৰদৰে আকৌ এজাপা গছৰ তলত থিতি হ’ল আৰু খাই-বৈ শুই থাকিল; কিন্তু মনত নানা ভাৱনা-চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল। এনেতে ৰাতি দুপৰ হ'ল। ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ মূৰ্তি ধৰিলে। যেই তাই এজনক খাবলৈ ধৰিলে, সি ৰাক্ষসীক কাকূতি কৰিবলৈ ধৰিলে, “মোক নাখাবা, নাখাবা” বুলি। কিন্তু এক নিমিষতে তাৰ মাত মাৰ গ'ল, সি ৰাক্ষসীৰ পেটলৈ গ'ল। কাণ্ড দেখি ভয়ত সিজন নিঃসাৰে পৰি থাকিল। এতিয়া যিজন বাকী ৰ'ল, সেইজন হৈছে ৰজাৰ সেই এলাগী কুঁৱৰীৰ পুতেক। ৰাতি পুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনী তাতে এৰি থৈ ঘৰমুৱা হৈ খোজ ল'লে। অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে। মাৰি এডাল লৈ সি ছাগলীজনী ইমানকৈ খেদালে কিন্তু একোপধ্যে ৰাক্ষসীছাগলী তাৰ পিছ নেৰা হ'ল। শেষত সি কোবা-কুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমালগৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে। কোঁৱৰে উধাতু খাই গৈ ৰজাৰ আগতে ওলাই সকলো কথা ক'লত, তাৰ পিছত যোৱা ছোৱালীজনীয়েও সেইবোৰ মিছা বুলি ৰজাক ক'লে। ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ল'লে। বাপেকৰ ব্যৱহাৰত মৰ্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ।

 এমাহমানৰ ভিতৰতে ৰজাই দেখিবলৈ পালে যে ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে। ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে