পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ কৰা মানুহ চাবলৈ ধৰিলে। লগুৱাটোৱে কন্যাক ঘোঁৰাত তুলি লৈ যোৱাৰ পাছত, সন্ধ্যা সময়ত ৰাজকোঁৱৰৰ গাত তত আহিল, ভাঙৰ ৰাগিয়ে এৰিলে। তেওঁ শোৱাপাটীৰ পৰা উঠি, দুষ্ট লগুৱাটোৱে তেওঁক ফাঁকি দিলে বুলি জানিব পাৰিলে। পিছদিনা ৰাতিপুৱাই তেওঁ সেই ঠাইৰ পৰা গুচি গ'ল। কোঁৱৰ কন্যাৰ বেজাৰত বলিয়াৰ দৰে হ'ল। বলিয়ালি কৰি এমাহ ফুৰি ফুৰি কোঁৱৰ সেই কন্যা থকা ৰাজ্যতে ওলালগৈ। কন্যাই কোঁৱৰক চিনি পাই মাতি নি তেওঁৰ বিষয়ে অচিনাকিভাৱে সকলো কথা সুধি ল’লে। তাৰ পাছত তিৰোতাৰ সাজ পিন্ধি তেওঁ তেতিয়া কোঁৱৰৰ ওচৰ চাপিল তেতিয়াহে কোঁৱৰে কন্যাক চিনি পাই অতি আনন্দ পালে। ইপিনে লগুৱাটোৱে পানী আনি কন্যাক নাপাই সিও কোঁৱৰৰ দৰে বলিয়া হ'ল। বলিয়ালি কৰি গৈ থাকোঁতে থাকোঁতে এদিন সি ভটংকৰে কন্যা থকা ঠাইতে ওলালগৈ। কন্যাই তাক চিনি পাই মতাই সকলো কথা সুধিলে। ছদ্ম কৰি থকা কন্যাক সি চিনি নাপাই ক'লে, “মই এইবাৰ তাইক পালে ওভোতাই ছাল বখলিয়াই তাত লোণ-খাৰ সানিম।” তাৰ পাছত কন্যাই নিজৰ সাজ পিন্ধিলত সি কন্যাক চিনিব পাৰি আচৰিত মানিলে। তেতিয়া কন্যাৰ আদেশমতে ৰজাৰ মানুহে তাক ধৰি তাৰ ওভোতাই ছাল বখলিয়াই লোণ-খাৰ সানি শাস্তি দিলে। সি যন্ত্ৰণা ভোগ কৰি মৰি থাকিল। অৱশেষত কন্যাই নিজৰূপে সকলোৰে আগত দেখা দিলে। ৰাজ্যৰ ৰজা-প্ৰজা সকলোৱে ঘটনাটো দেখি-শুনি আচৰিত মানিলে। বত্ৰিশ লক্ষণীয়া ৰাজকন্যাৰ আদেশ অনুসাৰে সেই দেশৰ ৰজাই ৰাজকন্যাক কোঁৱৰলৈকে বিয়া দিলে আৰু অৰ্দ্ধ ৰাজ্যও এৰি দিলে। এইদৰে দুজনী সুন্দৰী কন্যা আৰু অৰ্দ্ধৰাজ্য লাভ কৰি ৰাজকোঁৱৰ স্বদেশলৈ উভতি আহিল। ৰজাইও পুতেকৰ সৌভাগ্য দেখি আনন্দ মনেৰে কাল কটাবলৈ কৰিলে।