সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
 

মাৰিবলৈ দাঙিলে, এনেতে ওচৰতে জ্বলি থকা চাকিটোৱে মাত লগালে— “হেৰ নাকাটিবি। নাকাটিবি। নাকাটিবি।” এইবাৰ ঘৈণীয়েকে সাৰ পাই চকু মেলিলে। তাই দেখিলে, গিৰীয়েকৰ হাতত চোকা কপি- দাখন জিলিকি আছে। কি কৰা? কি কৰা?” বুলি ঘপ্কৰে শোৱাপাটীৰ পৰা উঠি গিৰীয়েকৰ হাতত ধৰিলে। গিৰীয়েকে উত্তৰ দিলে— “ তোক কাটিবলৈ ধৰিছিলোঁ। দুবাৰ। প্ৰথমবাৰ ঘৰটোৱে হাক দিলত হে থমকি ৰ'লোঁ।” গিৰীয়েকে উত্তৰ দিলে, “একো অপৰাধ কৰা নাই, কিন্তু বোপাই আৰু ককাইহঁতে তোক কাটিবলৈ মোক হুকুম দিয়ৰ বাবেহে কাটিব খুজিছিলো।” ইয়াৰ পিছত ঘৈণীয়েকে গিৰীয়েকৰ হাতৰ পৰা দাখন কাঢ়ি নি তাক সুধি সকলো কথা জানি লৈ ক'লে, আপুনি মোক নাকাটিব। মই নিৰ্দোষী। মই কেতিয়াও কুলক্ষণী নহওঁ। পুৰোহিতে বামুণৰ উপাৰ্জনৰ বাটত মই কাঁইট হৈছো, দেখি সি চক্ৰান্ত কৰি মিছাকৈয়ে মোৰ শহুৰ আৰু জেঠালহঁতক এইদৰে বুজাই মোক বধি তাৰ বাট মোকোলাই ল'বলৈ চেষ্টা কৰিছে। আপুনিও আচল কথাটো নুবুজিহে এনে অন্যায় কামটো কৰি পপীয়া হ'বলৈ গৈছিল। মোক কাটিব নালাগে; আহক আমি এই ঘৰৰ পৰা ওলাই গুচি যাওঁগৈহঁক। তেওঁলোক সুখেৰে খাই-মেলি থাওক।” ঘৈণীয়েকৰ কথাত গিৰিয়েক মান্তি হ’লত, তেতিয়াই দুয়ো সেই ঘৰৰ পৰা ওলাই গুচি গ'ল৷ ঘৈণীয়েকে লগত এডাল জৰী আৰু এখন জালৰ বাহিৰে আন একো লোৱা নাছিল।

 গিৰিয়েক-ঘৈণীয়েক দুয়ো গৈ এখন অটব্য অৰণ্যত সোমালগৈ। গোটেই দিনটো ফুৰি ফুৰি দুয়োৰো বৰ ভাগৰ লাগিছিল। ঘৈণীয়েক সগৰ্ভা আছিল, সেইদেখি তাই এজোপা গছৰ তলত বহিলগৈ। ঈশ্বৰৰ ইচ্ছাত তাইৰ তেতিয়াই তাতে প্ৰসৱ বেদনা হ'ল আৰু তাই এটি ল'ৰা প্ৰসৱ কৰিলে। ল'ৰাটি প্ৰসৱ হোৱাৰ পিছত তাইৰ বৰকৈ পিয়াহ লাগিল। তাই গিৰিয়েকক ক'লে, “মোৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে, মোক পানী এটোপা আনি দিয়ক।” গিৰিয়েকে ওচৰত পানী বিচাৰি নাপাই