পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“মহাৰাজ, মই কৈছিলোঁ '‘ই নহয় সি হে’, তাৰ অৰ্থ এই যে, এই দেশৰ ৰজাজন মানুহ নহয় গৰুহে।” দ্বিতীয়জনে ক'লে, “মহাৰাজ, মই কৈছিলোঁ বোলোঁ, ‘সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়?’ অৰ্থাৎ গৰু হোৱা হ'লে ঘাঁহ খালেহেঁতেন।” তৃতীয়জনে ক’লে, “মহাৰাজ, মই কৈছিলোঁ যে “তেনে কৰা নাই নো কি?’ তাৰ অৰ্থ এই যে, ঘাঁহ খোৱা নাই নো কি?” ইয়াকে কৈ তিনিওজন মনে মনে থাকিল। ৰজাই আকৌ সুধিলে, “তোমালোকে নো কি বাবে মোক গৰু পাতিছিলা তাৰ সজ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব, নহ'লে তিনিও কটা যাবাহঁক।” প্ৰথমজনে ক’বলৈ ধৰিলে “মহাৰাজ, আমি তিনিওটি বামুণৰ ল’ৰা; ভাটীৰ নবদ্বীপত কেবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোহঁক। বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা ম'হৰ খোজ দেখি মই ক'লো এইটো এজনী মাইকী ম'হৰ খোজ। (দ্বিতীয়জনলৈ আঙুলিয়াই) এওঁ ক'লে, ম’হজনী গাভিনী। (তৃতীয়জনলৈ আঙুলিয়াই) এওঁ ক’লে, ম’হজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। পাছে মহাৰাজ, আমাৰ বিদ্যা-বুদ্ধিৰ পৰিচয় ল'বৰ নিমিত্তে ম'হৰ খোজে খোজে তিনিও গৈ ম'হজনীয়ে অলপ আগতে এটি মতা পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হ’ল বুলি ভাবি আমি মনত ৰং পাই অলপপৰ ম'হজনী আৰু পোৱালিটো চাই ৰৈ আছোঁ, তেনেতে মহাৰাজে ম'হজনী বিচাৰি পঠিওৱা মানুহকেইটা তাতে ওলালগৈ আৰু ম'হজনীয়ে সৈতে আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহিল। মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে; সেই কাৰণে আমি কৈছিলোহঁক যে, যি ৰজাই দোষ বিচাৰ নকৰাকৈ দণ্ড দিয়ে সেই ৰজা মানুহ নহয়, গৰুহে।” তেতিয়া ৰজাই লাজ পাই ক’লে, ‘হয়, অৱশ্যে এইটো মোৰ অবিচাৰ হৈছিল। মই এতিয়াৰপৰা সোধগোছ নোহোৱাকৈ কেতিয়াও দণ্ড নিদিওঁ।” এইবুলি ৰজাই তেওঁলোক তিনিওকো নিজ নিজ ঘৰলৈ বিদায় দিলে আৰু ঘৰৰপৰা উভতি আহি তেওঁৰ সভাত বৃত্তি-বিধান লৈ থাকিবলৈ মাতি পঠালে। 66