সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭০

সৰোবৰৰ পূৱ ঘাটলৈ তই কেতিয়াও নাযাবি; সেই ঘাটত স্বৰ্গৰ অপেশ্বৰীসকলে গা ধোৱেহি।”

 পিছদিনা পুৱাই সন্যাসীয়ে তেওঁৰ ন আলধৰাক আশ্ৰমৰ ৰখীয়া কৰি ক'ৰবালৈ গুচি গ'ল। সন্যাসী গ'লতে নুমলীয়াই সেই সৰোবৰৰ পূব-ঘাটলৈ গৈ মনে মনে পাৰৰে জোপা এটাত লুকাই থাকিল। অলপপৰ পিছতে সাতজনী অপেশ্বৰী তালৈ আহিলত সি লাহেকৈ জোপাৰ ভিতৰৰপৰা ওলাই তেওঁলোকক ঠেকত পেলাই, অপেশ্বৰীসকলৰ এজনীক তাক বিয়া কৰাবলৈ সৈ কঢ়ালে। ইয়াৰ পিছত নুমলীয়াৰ লগতে অপেশ্বৰীসকলে ভনীয়েক এজনীক এৰি স্বৰ্গলৈ গুচি গ'ল।

 অপেশ্বৰী ঘৈণীয়েকক লগত লৈ নুমলীয়াই খৰমত উঠি ততালিকে তাৰ শহুৰেক ৰজাৰ ঘৰ ওলালহি। ৰজাই জোঁৱায়েকক দেখি ৰং পালে। তাৰ আগৰ ঘৈণীয়েক ৰজাৰ জীয়েকে তাৰ কেৰামতালি দেখি, নিজৰ দোষৰ বাবে গিৰিয়েকৰ ওচৰত ক্ষমা মাগি সতিনীয়ে কৰে সৈতে একেলগে সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। ইয়াৰ দিনচেৰেকৰ পিছতে অপুত্ৰক ৰজা মৰিল। শহুৰেক মৰিলত নুমলীয়াই সেই ৰাজ্যৰ ৰজা হ'ল। সি ৰজা হৈয়েই তাৰ বাপেক থকা ৰাজ্যৰ ৰজাৰ ওচৰলৈ কটকী পঠিয়াই কোৱাই পঠিয়ালে যে, “হয় ৰজাই তাক ৰাজ্য এৰি দিয়ক, নহয় যুদ্ধ দিয়ক।” কটকীৰ কথা শুনি ৰজা ঘৃতাহুতি হৈ যুঁজ দিবলৈ সাজু হ'ল। নুমলীয়া ৰজাইও লা-লগুৱা, ঘোঁৰা-হাতী, ৰণুৱা- বণুৱা লগত লৈ সাজি-পাৰি যুঁজ কৰিবলৈ আগবাঢ়ি গ'ল। দুই দলৰ ভিতৰত যুঁজ লাগি গোটেইখন কোৱামোৱা লাগি পৰিল। শেহত নুমলীয়া ৰজাই জৰীক পঠিয়াই দি সেই ৰজাক কটাবান্ধ দি ধৰাই অনাই টোকোনক মাৰিবলৈ হুকুম দিলত, ৰজাই দাঁতত কুটা লৈ দীঘল দি নুমলীয়া ৰজাৰ ভৰিত পৰি ক্ষমা মাগিলে। তেতিয়া নুমলীয়াই সন্তুষ্ট হৈ ৰজাক নামাৰি সপৰিবাৰে সেই ৰাজ্যৰপৰা উলিয়াই দিলে। তাৰ পিছত নুমলীয়াই বুঢ়া বাপেকক বিচৰাই অনালে। বাপেক ওচৰ পালতে