সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
 

এজোপা গছত উঠি চাৰিওফালে চাই দেখিলে যে বহুত দূৰৈত বিল এখন আছে। বিলখন দেখিবলৈ পাই সি ঘৈণীয়েকক ক'লে, “সৌফালে দূৰৈত এখন বিল দেখিবলৈ পাইছো; যাওঁ তাৰেপৰা পানী লৈ আহোগৈ।” এইবুলি সি ঘৈণীয়েকক তাতে এৰি পানী আনিবলৈ গ'ল। কিছুমান বেলিৰ মূৰত সি বিলখন পাই দেখিলে যে তাত এটা তিনি ঠোঁটীয়া চৰাই আছে। সেই চৰাইটোৱে তাক দেখি ক'লে— “তিনি ঠোটেৰে মাছ খাওঁ, কিৰূপে জীওঁ?” চৰাইটোৰ এই কথা শুনি সেই মানুহটোৱে ভাবিলে যে ই এটা প্ৰাণীয়ে যদি তিনি ঠোঁটেৰে মাছ খাইও জীয়াই থাকিব নোৱাৰে তেনেহ'লে আমি আজি দুটাৰ ঠাইত তিনিটা হ'লোঁ, আমি নো তিনিটা কেনেকৈ জীম? ইয়াকে ভাবি সি আৰু তাৰপৰা উভতি নাহি সেই পিনেই গুচি গ'ল। গৈ এখন দেশ পাই সি এক বামুণৰ ঘৰত হালোৱা হৈ ৰ'লগৈ।

 ইফালে ঘৈণীয়েকে গাৰ বিচেষ্টাত গছৰ তলত পানী পানী কৰি গিৰীয়েকলৈ বাট চাই আমনি লাগি, গিৰিয়েক বহুত পৰতো উভতি নহা দেখি, কেঁচুৱা কোলাত লৈ নিজেই লাহে লাহে গিৰিয়েকে যোৱা বাটেদি ধৰিলে। গৈ সেই বিলখন পাই দেখিলে যে তাত তিনি ঠোঁটীয়া চৰাই এটা আছে। তাইক চৰাইটোৱে দেখা মাত্ৰকে মাত লগালে— “তিনি ঠোটেৰে মাছ খাওঁ, কিৰূপে জীওঁ?” এইবুলি তিনিবাৰ চৰাইটোৱে মাতিলত সেই কথা শুনি ঘৈণীয়েকে বুজিলে যে তাইৰ অজলা গিৰীয়েকে এই চৰাইটোৰ এনেকুৱা কথা শুনিহে তিনিটা প্ৰাণী পুহিবৰ ভয়ত ক'ৰবালৈ গুচি গ'ল। ইয়াকে ভাবি তাই শোক কৰি, সেই বিলৰে চলুচেৰেক পানী খাই, তাতে গা-পা ধুই অলপ জিৰাই-শঁতাই লৈ তাইৰ লগত থকা জালখনেৰে সেই চৰাইটো ধৰি লৈ লাহে লাহে তাৰপৰা গুচি গ'ল। তাই দুখে-কষ্টে গৈ গৈ এক ৰজাৰ মালিনীৰ ঘৰ পালেগৈ। মালিনীয়ে তাইৰ ৰজাৰ মালিনীৰ ঘৰ পালেগৈ। মালিনীয়ে তাইৰ দুখ পতিয়াই নিৰাশ্ৰয়ক আশ্ৰয় দি তাইক নিজৰ ঘৰতে মৰম-বেথা কৰি ৰাখিলে।