পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিব নোৱাৰি, মণিটো ঘৰলৈ লৈ আহিল। ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গোচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি? ৰজাই ৰাক্ষসক “বাৰু তোমাৰ মণিটো যদি ছোৱালীয়ে আনিছে, মই ক'লেই দিব; তাই সৰু ছোৱালী, সেইবোৰৰ ভূ নাপায়, অলপ পৰ ৰ’বা” বুলি কৈ জীয়েকক মতাই আনি মণিটো মানুহটোৰ আগলৈ পেলাই দিলে। মণিটো মাটিত পৰিয়েই এটা সৰিয়হ হ’ল। সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হ’ল। বাঁৰীৰ লৰাই তৎক্ষণাৎ সৰিয়হ গুচি শেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে। তেতিয়া ৰাক্ষসে নিজ মুৰ্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল। ৰজাই এইবোৰ চকুৰ আগতে সপোন যেন দেখি ভেবা লাগি ৰ'ল। আন আন মানুহেও তবধ লাগিল। তেতিয়া বাঁৰীৰ ল’ৰাই মানুহ হৈ সকলো কথা ৰজাক ভাঙি কলত, ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহিৰজা পাতিলে। বাৰীৰ ল’ৰাই মাককো তাৰ লগলৈ তুলি নি খাই-বৈ সুখেৰে থাকিল। ষষ্ঠ সাধু ককা। - “সোণাই, আজি দেখোন তই সাধু শুনিবলৈ অহা নাই?” - নাতি। ১৯ - ককা। - “বাৰু শেষ কৰি আহ, লৰালৰি কৰিব নালাগে; ইয়াৰ ভিতৰতে মই তামোলখন খুন্দনাটোত ভালকৈ খুন্দি লওঁ৷” দহমিনিটমানৰ পিছত তাৰ পঢ়া শেষ কৰি নাতিয়েক ওচৰ চাপি আহিলত ককাকে আৰম্ভ কৰিলে। “পঢ়াশালিৰ পাঠ পঢ়িবলৈ অলপমান বাকী আছে। আৰু দহ মিনিটমানৰ মূৰত হৈ যাব।”