সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
 

প্ৰশ্নকেইটাৰ উত্তৰ দিবৰ নিমিত্তে হে আপোনাৰ সৈতে ইমান দিন আছিলোঁ; আজি গুচি যামগৈ। আপোনাৰ জীয়েকৰ মন গ'লে মোৰ লগত যাব পাৰে, মন নগ’লে থাকিব পাৰে; এনেকুৱা তিৰোতাত মোৰ সকাম নাই।”

 মন্ত্ৰীৰ কথাত ৰজাই বৰ লাজ পালে। তাৰ পিছত তেওঁক তাত থাকিবলৈ ৰজাই বৰকৈ ধৰিছিল; কিন্তু মন্ত্ৰীয়ে “মহাৰাজ! মইতো পূৰ্বেই কৈছোঁ, প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ হে আপোনাৰ ইয়ালৈ আহিছিলোঁ। আৰু ইমান দিন আছিলো, আৰু নাথাকোঁ।” মন্ত্ৰীয়ে এই বুলি কৈ সেই দিনা তাতে থাকি পিছদিনা ৰাতিপুৱাই ঘৈণীয়েকৰ সৈতে ৰজাৰ ওচৰত বিদায় লৈ আগৰ নিজৰ ঘৰলৈ গুচি আহিল। নিজৰ ৰজাক তেওঁ সকলো কথা কোৱাত ৰজা মন্ত্ৰীৰ ওপৰত বৰ সন্তুষ্ট হ’ল আৰু বহুত ধন-সম্পত্তি, মাটি-বাৰী মন্ত্ৰীক ৰজাই বঁটা দিলে। মন্ত্ৰীয়ে শেযত বৰ সুখেৰে দিন কটাবলৈ ধৰিলে।


দ্বাদশ সাধু

নাতি। — “ককাদেউতা আজিৰ ভাগৰ সাধুটো শুনিবলৈ আহিছোঁ।”
ককা। — “আৰু তোক সাধুকথা নকওঁ।মোৰ বৰ খং উঠিছে।”
নাতি।— “কিয় ককা? মই কি কৰিলো?
ককা।— “কি কৰিলো? পুৱা মাৰৰ কথাৰ অবাধ্য হৈছিলি কিয়? প্ৰথমতে মাৰে চোন বটাৰ পৰা তামোল-কটাৰীখন আনিবলৈ পঠিয়াইছিল, তই ধেমালিত মগন হৈ উঠি নগলি। তাৰ পিছত তই মিছাতে সৰু ভায়েৰক জোকাই আমনি কৰি কন্দুৱাইছিলি, মাৰে ইমান হাক দিছিল, তথাপি নুশুনিছিল। ল’ৰাৰ পক্ষে এই পৃথিৱীত মাক বাপেকতকৈ কোন ডাঙৰ আছে? মাকৰ কথাৰ অবাধ্য হ’লে পাপ হয়; আৰু ঈশ্বৰেও খং কৰে।”