সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
 

জীয়ালে, আৰু দুয়ো ৰঙেৰে আকোঁৱলা-আকোঁৱালি কৰি, ঘোঁৰাত উঠি নিজৰ ঘৰলৈ উভতি আহিল। পুতেকহঁতক পাই বুঢ়া-বুঢ়ীৰ নথৈ ৰং লাগিল।

অষ্টাদশ সাধু

নাতি।- “ককাদেউতা, আজি দুপৰীয়া তুমি কি এটা শ্লোক মাতি কৈছিলা যে মানুহৰ ভিতৰত নাপিত ধূৰ্ত। কিয় নাপিতক ধূৰ্ত বোলে ককাদেউতা?

ককা।- "কিয় বোলে, এটা নাপিতৰ সাধু কওঁ শুন, তেতিয়া বুজিব পাৰিব পাৰিবি”—

ৰাজমন্ত্ৰী আৰু নাপিত

 সত্যকালত চৰাই-চিৰিকতি পহু-পতং সকলোৱে কথা ক'ব পাৰিছিল, আৰু সিহঁতৰ কথা মানুহে বুজি পাইছিল। সেই কালত এদিন এজন ৰজাই তেওঁৰ বৰ-চৰাত বহি থাকোঁতে দেখিলে যে বৰ-চ’ৰাৰ আগ-চোতালতে এটা বগা আৰু এটা ক'লা কাউৰীয়ে কেল্‌কেলাই কথা পাতি আছে। প্ৰথমতে বগা কাউৰীয়ে ক'লা কাউৰীটোক সুধিলে “ বান্ধ, তোমালোকে ইয়াত কি খাই থাকা?” ক'লা কাউৰীয়ে উত্তৰ দিলে – “আমি ধান-চাউল, পোক-পৰুৱা আদি খাই থাকো; তোমালোকেনো কি খোৱা?” বগা কাউৰীয়ে ক'লে, “আমি সাত সাগৰৰ সিপাৰে থকা মাণিক গছৰ মাণিক খাওঁ।” ইয়াৰ পিছত কাউৰী দুটা গ'ল। ৰজাই কিন্তু বৰ-চ'ৰাৰ পৰা সিহঁতৰ এই কথা শুনি আছিল। ৰজাই তেতিয়াই পাত্ৰ- মন্ত্ৰী আদি সভাসদসকলক ক’লে, “তোমালোকৰ ভিতৰত যেয়ে সাত