পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বামুণ আৰু বামুণী একালত এখন দেশত এজন বৰ দুখীয়া বামুণ আছিল। বামুণে ধন-বিত ঘটি বামুণীক আনি দিব নোৱাৰে দেখি বামুণীয়ে বামুণক নিতৌ টান কথাৰে কৰচি থাকে। এদিন বামুণীয়ে বামুণক ক’লে, “আমাৰ ৰজাৰ ঘৰলৈকে যোৱাচোন; দেশৰ অতবোৰ বামুণে গৈ চোলোখ মাতি ৰজাক আশীৰ্বাদ কৰি পইচা আনিব লাগিছে, তুমিহে নোৱাৰা। তুমিনো গৈ সঁচাই-মিছাই চোলোখ এটা মাতি এজোলোকা আশীৰ্বাদ দি পাই-পইচা গোটাচেৰেক আনিব নোৱাৰা নে?” বামুণীৰ কথা শুনি বামুণে ক'লে, “তইতো মুখেৰে ক’ব পাৰ, কিন্তু লুইতেহে জানে বঠাৰ কোব কিমানলৈ বহে। মই যে ধুই পানী এটোপা খাবলৈকো আশীৰ্বাদ এষাৰ নাজানো আৰু শ্লোক এটাও নাজানো, সেইটো তোৰ ভূ আছে নে নাই?” বামুণৰ এই কথা শুনি ঘৈণীয়েকে খঙেৰে ক’লে, “যোৱা দেও হে, তুমি নো eyalty তেনেহ'লে কিহৰ মতাটো? আশীৰ্বাদ একাষাৰ দিবও নাজানা, চোলোখ এটাও মাতিব নাজানা, মিছাতে বামুণ জনম পালা। বোলোঁ, মই কৈছোঁ তুমি যোৱা ৰজাৰ ঘৰলৈ; যাওঁতে বাটত যিহকে দেখা তাকেই সঁচাই- মিছাই চোলোখৰ নিচিনা কৰি সাজি ৰজাৰ আগত সৰসৰ কৰে মাতি দিবা কোনেনো ধৰিব?” বামুণে বামুণীৰ কথাকে সাৰোগত কৰি লৈ “বাৰু যাম” বুলি ক’লত, বামুণীয়ে গা-পা ধুই ৰান্ধি-বাঢ়ি ভালকৈ বামুণক এসাজ খুৱাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে। 2₂ বামুণ ওলাই গৈ বাটৰ কেউফালে চাই-চিতি যাওঁতে, প্ৰথমতে এটা এন্দুৰক মাটি খান্দি থকা দেখি সেই কথাকে শ্লোকৰ নিচিনাকৈ সাজিবলৈ মন কৰি “খুচুৰ-মুচুৰ মাটি খোচোৰাঃ” বুলি মনতে সাজি থলে। তাৰ পিছত তেওঁ অলপমান গৈ, এটা মানুহে শাকনি-বাৰীত সোমাই শাক নিৰাই থকা দেখি সেইটো কথাও মনতে ইদৰে শ্লোক কৰিলে— “কুচুটি-মুচুটি বহি কিং কৰাঃ।” তাৰ পিছত অলপমান গৈ