সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
 

ৰিহা আনিবলৈ ক'লা ৰিহা আনিলোঁ, তথাপি দেখোন বুঢ়াৰ ঘৰত কাৰো মূৰৰ ছিগা চুলি এডালো সৰা নাই? কিবা তুমি পেংলাই কৰিছা নেকি? এনেবোৰ কথা ভাল নহয় বোলোঁ।” বামুণৰ কথা শুনি গণকো অবাক! কি কৰে? আকৌ পুথি-পাঁজি মেলি মাটিত আক পাতি গণিবলৈ লাগিল। গণি-পঢ়ি অঁতাই গণকে বামুণক ক’লে, “মিছাতে মোৰ ওপৰত খং কৰিছা। ম‍ই গণি-পঢ়ি ঠিক কথাকে কৈছিলোঁ বুঢ়াৰ সেই বোৱাৰীয়েকে ৰিহাখন তোমাক দিয়াৰ আগতে তাৰ আগত থোৱা দহিকটাডাল খাই পেলালে। এতিয়া যদি কিবা এটা বুদ্ধি কৰি তুমি তাইক মাৰিব পাৰা তেনেহ'লে হে তোমাৰ কাৰ্য সিদ্ধি হ'ব, নতুবা নহয় নিশ্চয় জানিবা। তুমি আৰু মোৰ ওচৰলৈ নাহিবা, মোৰ আৰু গণিব-পঢ়িবলৈ একো নাই।” গণকৰ এই উত্তৰ শুনি বামুণে মুখ ওন্দোলাই তাৰ পৰা উঠি গুচি আহিল।

 ইয়াৰ পিছত বামুণে অনেকে চিন্তিলে। বুঢ়াৰ বোৱাৰীয়েকক মাৰিবলৈ একো এটা ভাল বুধি তেওঁৰ আৰু নোলায়। কিন্তু ভাবোঁতে ভাবোঁতে বামুণৰ মূৰৰপৰা অন্ততঃ ওলাল এটা বুধি। বুধিটো ওলালতে বামুণে বুঢ়াক ক'লেগৈ, “আজি ৰাতি মই এটা বৰ ভয়ানক সমাজিক দেখিলো সামাজিকটো যতবাৰ মোৰ মনত পৰিছে, ততবাৰ মোৰ বুকুত খুন্দা মাৰি ধৰিছে।” বুঢ়াই আস্ত-বেস্তকৈ সুধিলে, “কিনো সামাজিক কোৱাচোন?” বামুণে ক'লে— ক'বলৈ আৰু নাই! বৰ দুঃস্বপ্ন! বৰ বেয়া সপোন! পুৱঁতীয়া নিশা মোৰ মূৰশিতানতে বহি পকা থেকেৰাটো যেন বুঢ়া মানুহ এজনে মোৰ মূৰত হাত দি ক'লে— “আজি বৰ কথা এটা, সময় থাকোঁতেই তোমাক ক'বলৈ আহিলোঁ— তুমি যি ঘৰ বৰ চহকী মানুহৰ কুল-পুৰোহিত, সেইঘৰ মানুহৰ ঘৰত বৰ কুলক্ষণ এটা সোমালহি। তাৰ ফলত সেই মানুহঘৰ এতিয়া অতি শীঘ্ৰে উজাৰ হয়। সেই কুলক্ষণটো বুঢ়াৰ সৰুজনী বোৱাৰীয়েক। তাই বৰ কুলক্ষণী শাঁখিনী গজমূৰীয়ানী তিৰোতা। তাই মানুহঘৰ খাবলৈহে আহিছে; সোনকালে তাইক নাতৰালে এনেঘৰ মানুহ এতিয়া জয় পাতে ক্ষয় হ'ব।” বুঢ়াই