সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
 
নাতি।— “মোৰ দোষ হৈছে ককা-দেউতা। আজিৰ পৰা মই তেনে নকৰো৷ দেউতা আৰু আয়ে যি হুকুম দিয়ে তাকে কৰিম।”
ককা— “তেনেহ’লে মোৰ ওচৰ চাপি আহ, মোক চুমা এটা দে, আৰু শুন সাধু⸺

বামুণৰ ভাগ্য

 এক বামুণ আছিল। তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটাচেৰেক ল’ৰা-ছোৱালী। বামুণৰ বৰ দুৰৱস্থা, ধন-সম্পত্তি বা ধান-চাউল একো নাই। তেওঁ কাম-কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায়; কিন্তু তাৰে নো এঘৰোৱাহ মানুহ কেইদিন চলিব পাৰে? মাজে মাজে বামুণ সপৰিবাৰে লঘোনে-ভোকে থাকিব লগাত পৰে। এনেকুৱা ঘটনা যে কেতিয়াবা হে হয় এনে নহয়,মাহৰ ভিতৰত প্ৰায় পোন্ধৰ দিন। বামুণ-বামুণীৰ দুখ-বেজাৰৰ সীমা নাই। এদিন বামুণীয়ে গিৰিয়েকক ক’লে “এটা কথা কৰাচোন, এদিন বিধাতাৰ তালৈকে যোৱাচোন; বিধাতাক সোধাঁগৈ আমাৰ কপালতনো তেওঁ আৰু দুখকে হে লেখিব পায়নে?” এই কথা শুনি বামুণেও ক’লে, “এৰা ভাল কৈছা, কাইলৈকে যাওঁ, বিধাতাই নো আমাৰ কপালত কিয় ইমানকৈ দুখ লেখিছে তাকে সুধি চাওঁগৈ।” এইদৰে বামুণ-বামুণীয়ে কথা-বতৰা হৈ, বামুণে বিধতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখ-কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুৰিৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধতাৰ বিচাৰি যাবলৈ ধৰিলে।

 সেইদৰে গৈ থাকোঁতে বামুণ কিছুমান দূৰত এহাল ম'হে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্ৰকে ম'হহালে যুঁজিবলৈ এৰি বামুণ ক’লৈ যায় সুধিলে। বামুণে “বিধাতাৰ ওচৰলৈ যাওঁ” বোলাত, ম'হহালে ক'লে, “তেনেহ'লে আমাৰো একেষাৰ কথা