সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চবিংশ সাধু

ৰজাৰ ল'ৰা আৰু শিয়াল

 এক ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰপৰা বাজ হ'ল। তেওঁ সেইদৰে দুই-তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, “হেৰৌ! খোলাকটিৰ মূৰ খোৱা হেৰৌ মোৰ ঘোঁৰাই ভয় খাব; আঁতৰ হ! নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ জোৰা ভাঙিম!” শিয়ালে উত্তৰ দিলে, “মই আঁতৰ হ'ব নোৱাৰোঁ। তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা।” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি ল'ৰাই তেওঁৰ ঘোঁৰা এফলীয়াকৈ লৈ গ'ল কিন্তু যাওঁতে কৈ গ'ল “থাক, তই আজি থাক। আজি নিশা হ'ল, তোক আৰু নোজোকাওঁ; মই ঘূৰি আহোঁগৈ; দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰে। ৰজাৰ ল'ৰাৰ কথা শুনি শিয়ালেও ক'লে, “যা যা ঘূৰিয়েই আহগৈ! তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম।”

 এইদৰে চুপতা চুপতি কৰি ৰজাৰ ল'ৰা গাঁৱৰ ফালে গুচি গ'ল। শিয়ালও তাতে বহি থাকিল। বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল'ৰা এক গৃহস্থৰ ঘৰত আলহী হ'বলৈ বুলি সোমাল। সোমাই যাওঁতেই তেওঁ তেওঁৰ ঘোঁৰাটো গৃহস্থক নোকোৱাকৈ সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ শুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি লৈ ৰাতিটো পৰি থাকিল। পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে তাত এটা ঘোঁৰা বন্ধা আছে। ঘোঁৰাটো দেখিয়েই সি ৰিঙিয়াই ক'বলৈ ধৰিলে— “ঔ আমাৰ তেলীশালে ঘোঁৰা এটা জগালে ঔ।” এইবুলি