লৈ গ'লেই সিহঁতৰ যুঁজ ভাগিব।” বামুণে আকৌ সুধিলে, এজোপা আমগছ দেখিলো, তাত আম ভৰি লাগে, কিন্তু তাৰ এটা আমো মানুহ বা চৰাই-চিৰিকতিয়ে নেখায়; ইয়াৰ নো কাৰণ কি?” বিধাতাই ক'লে, সেই গছজোপাৰ তলত এপেৰা গহনা আছে, সেই গহনাবোৰ তুমি উলিয়াই নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব।” তাৰ পিছত বামুণে সুধিলে, “আৰু এটা ঘৰিয়াল দেখিলোঁ, সি সদায় ওপঙি থাকে,কোনোমতেই পানীৰ তললৈ নেযায়; তাৰ নো কাৰণ কি?” বিধাতাই ক’লৈ, “সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে, সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব।” তাৰ পিছত বামুণে বিধাতাৰ ওচৰত বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আমগছৰ গুৰিৰ পৰা গহনাবোৰ আৰু ম'হৰ যুঁজ লগা ঠাইৰ পৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে।
ত্ৰয়োদশ সাধু
| ককা।— | “বাপুকণ ঔ! ওচৰ চাপি আহ্, সাধুকথা শুনহি। আজি দেখি ৰং পাইছো যে তই মাৰৰ হাক-বচন শুনি সোণামুৱা ল'ৰা হৈছ।” |
| নাতি।— | “কোৱা ককাদেউতা কোৱা।” |
ভূত আৰু বাঢ়নী
এক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল। বামুণৰ অৱস্থাও ভাল নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্ৰবৰ্ত্তাইছিল আৰু প্ৰায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু