সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯৮

নাতি। - “আজিৰপৰা ককাদেউতা মই ঠিক কৈছোঁ, নিশ্চয় নিশ্চয় মোৰ দোষ সৈ কাঢ়িম আৰু আগলৈ তেনে দোষ নকৰিবলৈ মনতে থিৰাং কৰিম। আজিৰ মোৰ অপৰাধ ক্ষমা কৰা ককাদেউতা।”

ককা। - “কৰিলোঁ ক্ষমা। এতিয়া মোৰ ওচৰ চাপি আহ, চুমা এটা দে আৰু সাধু এটা শুন।”

নিমাতী কন্যা

 এক ৰজা আছিল। ৰজাৰ ল'ৰা-ছোৱালী একোৱেই নাই। এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্যাসীক লগ পালে। সন্যাসীৰ আগত তেওঁৰ ল'ৰা-ছোৱালী নোহোৱাৰ হাৱাৰ বিষয় ভাঙি ক’লত সন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক'লে, “এই গুটিটো আপোনাৰ মাদৈক খুৱাব; খুৱালে তেওঁৰ দুটি পুত্ৰ হ'ব, কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব।” ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল আৰু ঘৰ পাই সেই ফলটো মাদৈক খাবলৈ দিলে। কিছুমান দিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে দুটি পুত্ৰ-সন্তান লাভ কৰিলে। লাহে লাহে ল'ৰা দুটি ডাঙৰ হ'ল, দুয়ো দুয়োকো ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে। ৰজাই ল'ৰা দুটিৰ ৰেহ-ৰূপ চাই আনন্দতে বিভোল হ'ল; সন্যাসীৰ কথা একেবাৰেই পাহৰিলে। সিপিনে সন্যাসীয়ে দিন-বাৰ লেখি আছিল। ল'ৰা দুটিৰ প্ৰথমটিৰ ষোল বছৰ আৰু দ্বিতীয়টিৰ পোন্ধৰ বছৰ হ'লত এদিন সন্যাসী আহি ৰজাৰ নগৰত ওলালহি আৰু ৰজাক পূৰ্বৰ কথা সোঁৱৰাই দি বৰটো কোৱৰ খুজিলে। ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্ৰিয় পুত্ৰ বৰকোৱৰক সন্যাসীৰ হাতত সমৰ্পণ কৰিলে।

 কোঁৱৰে ঘোঁৰাশাললৈ গৈ এটা সুন্দৰ ঘোঁৰা বাছি ল'লে; তেওঁৰ অতি উত্তম সাজ পিন্ধি মূৰত এটা পাগুৰি মাৰিলে আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলোমাই ল'লে। পাছে সকলোকে বিদায়