পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম সাধু “আজি বত্ৰিশ লক্ষণীয়া দৰা-কইনাৰ সাধু ক'ম বুলি ককাকে নাতিয়েকক ওচৰলৈ চপাই আনি ক’বলৈ ধৰিলে— বত্ৰিশ লক্ষণীয়া দৰা-কইনা এজন ৰজাৰ এটি বত্ৰিশ লক্ষণীয়া ল’ৰা হৈছিল। ল'ৰাটি ক্ৰমে ডাঙৰ-দীঘল হৈ ডেকা হ’লত, ৰজাই ল’ৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে; কিন্তু ৰজাৰ ল’ৰাই ক'লে যে তেওঁ তেওঁৰ নিচিনা বত্ৰিশ লক্ষণেৰে এজনী ছোৱালী নেপালে বিয়া নকৰায় আৰু সেই ছোৱালী তেওঁ নিজে চাই ল’ব। এই কথা শুনি ৰজাই পুতেকক মাতি নি ক'লে, “বোপা, তুমি বিবাহৰ কন্যা নিজে চাই ল’বা বুলি শুনি মই বৰ সন্তোষ পাইছোঁ। এই বুঢ়া মানুহজন তোমাৰ লগত দিলো; ঘোঁৰাশালৰ পৰা এটা সুন্দৰ ঘোঁৰা বাছি নি তুমি বিদেশলৈ যাত্ৰা কৰা।” ৰজাৰ এই আদেশ পাই কোঁৱৰে ক’লে, “দেউতা, আপোনাৰ আদেশ শিৰোধাৰ্য কৰিলোঁ; কিন্তু মই বিদেশত কিমান দিন কত ঠাইত ফুৰিব লাগিব তাৰ কি ঠিক? এই কাৰণে মোৰ লগত এটা ডেকা মানুহ দিয়ক, বুঢ়া মানুহৰ পৰা মোৰ সুবিধা নহয়।” ৰজাই এটা ডেকা মানুহক যুৱৰাজৰ লগুৱা কৰি দিলে। কোঁৱৰেও ঘোঁৰাশালৰ পৰা এটা সুন্দৰ তেজী ঘোঁৰা বাছি লৈ আনন্দেৰে বিদেশলৈ যাত্ৰা কৰিলে। কোঁৱৰ এখন সুন্দৰ ৰাজ্যত উপস্থিত হ’লগৈ। সেই ৰাজ্যৰ ৰজাৰ এজনী বত্ৰিশ লক্ষণীয়া সুন্দৰী ছোৱালী আছিল। কন্যাই তেওঁৰ সখীসকলেৰে সৈতে ওচৰৰ এখন সৰু নদীত স্নান কৰিবলৈ যাওঁতে কোঁৱৰে দেখা পালে আৰু তেওঁৰ মনৰ জোখাৰে কন্যা দেখি পৰম আনন্দ লভিলে। কোঁৱৰে যদিও দূৰৈৰপৰা ৰাজ-কন্যাক দেখিছিল তথাপি ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলে কোঁৱৰক দেখা নাছিল। তেওঁলোকে হাঁহি-মাতি নানান ধেমালি কৰি নদীলৈ গৈছিল। নদীলৈ