পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা। “তোক এইবোৰ কোনোবাই বৰ ভুল কথা শিকাইছে। মানুহ কেতিয়াও শাঁখিনী হ’ব নোৱাৰে। তাই বৰ দুখীয়া কেও- কিছু নথকা মানুহ আৰু দুখত পৰি, নৰীয়াত ভুগি আৰু লোকৰ কেটেৰা-জেঙেৰা খাই তাইৰ স্বভাৱ খিংখিঙীয়া হৈছে; সেইদেখি তাই তেনেকৈ কথা কয়। এনে দুখীয়া নিমাখিত প্ৰাণীক ভিক্ষা দিলে, মৰম বেথা কৰিলে বৰ পুইণ হয়। আজিৰ পৰা তই তাইক মৰম কৰি ভিক্ষা দিবি।” “দিম ককাইদেউ। এতিয়া মই বুজিলো।” নাতি। ককা। -“তেনেহ’লে শুন আজি শাঁখিনা-শাখিনীৰ সাধু এটাকে কওঁ।” বেয়া কৰে। আমাৰ এইডোখৰত মানুহৰ মাউৰ আৰু গৰুৰ চবকা হেনো তাইৰ বাবেহে হয়। সেই কথা শুনিবৰেপৰা মোৰ তাইলৈ বৰ ভয় আৰু ঘিণ লাগিছে, সেইদেখিহে তাইক চাউল নিদি খেদাই দিছিলোঁ।” - শাঁখিনা আৰু শাঁখিনী এসময়ত এখন গাঁৱত এটা শাঁখিনা আৰু আন এখন গাঁৱত এজনী শাঁখিনী আছিল। সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি-বাতি বৰষুণ-বাদল একো নহৈছিল আৰু গঞামানুহৰ নানাতৰহৰ অপায়-অমঙ্গল হৈছিল। পাছে এদিন শাঁখিনাক গঞামানুহে ধৰি এক কাউৰী-কুকুৰ নোযোৱা অৰণ্যত মেলি থৈ আহিলগৈ। ঠিক সেই সময়তে ইখন গাঁৱৰ মানুহেও তেনেকুৱা অপৰাধতে শাঁখিনীক ধৰি-বান্ধি লৈ গৈ সেইখন হাবিৰে আনফালে এৰি থৈ দি আহিল; শাঁখিনীক গাঁৱৰ মানুহে অলপমান খোৱা বস্তু দি আহিছিল, কিন্তু শাঁখিনাক দা এখনৰ বাহিৰে কুটা এগছকে নিদিলে। শাঁখিনীয়ে হাবিতে অকলে কান্দি-কাটি বহি আছে, এনেতে ইফালৰপৰা শাঁখিনাই নিজৰ কপালকে দুষি গৈ গৈ সেইদৰে থকা দেখা