সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
 

সাগৰৰ সিপাৰৰ পৰা মাণিকৰ গছ আনি মোক দিব পাৰিবা তেওঁক ম‍ই মোৰ ঘাই মন্ত্ৰী পাতিম।” মন্ত্ৰীয়ে ক’লে, “স্বৰ্গদেৱ, মই কেনেকৈ সাগৰৰ সিপাৰলৈ চাম, আৰু মাণিকৰ গছ ক'ত বিচাৰি পাম? স্বৰ্গদেৱ সেই কাম মোৰ অসাধ্য।”

 পাত্ৰইও সেই কথাকে ক'লে। আন আন সভাসদসকলৰ পৰাও ৰজাই তেনেকুৱা উত্তৰকে শুনি ক’লে, “বাৰু, এতিয়াই নগৰত ঢোল পিটি শুনাই দিয়া হওক যে, মোক সাত সাগৰৰ পাৰৰপৰা মাণিকৰ গছ এজোপা আনি দিব পাৰিব, তাক মই দুকলহ সোণ দিম, আৰু মোৰ ঘাই মন্ত্ৰী পাতিম।” ৰজাৰ হুকুম মতে এই কথা নগৰত জাননী দিয়া হ'ল; কিন্তু কোনো সেই কামলৈ আগ নাবাঢ়িল।

 সেই নগৰতে এটা সামান্য মানুহৰ দুজনী ঘৈণীয়েক আছিল, বৰজনী এলাগী, সৰু জনী লাগী। এলাগীৰ ল'ৰা এটা; লাগীৰ ল'ৰা ছটা। এলাগীৰ ল'ৰাটো খোৰা; লাগীৰ ল'ৰাকেইটা শকত আৱত আৰু নিৰোগী। এলাগী আৰু তাইৰ ল'ৰাটোক লাগী আৰু লাগীৰ ল'ৰা কেইটাই দেখিব নোৱাৰে আৰু খোৱা-পিন্ধাত বৰ দুখ দিয়ে। খোৰাৰ বাপেকৰপৰাও খোৰাই আৰু তাৰ মাকে কেতিয়াও মৰম বেথা নাপায়।

 লাগীৰ ল'ৰা ছয়োটাই ৰজাৰ জাননীৰ কথা শুনি ৰজাৰ ওচৰলৈ গৈ আঁঠু লৈ ক’লে, “সৰ্গদেও আমিয়েই সেই মাণিকৰ গছ আনি দিবলৈ যাব পাৰোঁ, যদি সৰ্গদেৱে হুকুম দিয়ে॥” সিহঁতৰ কথা শুনি ৰজা‍ই ক’লে, “মোৰ কোনো আপত্তি নাই; তহঁতে আনিব পাৰ যদি যা। যাবলৈ তহঁতক কি লাগে মোৰ ভঁৰালৰপৰা লৈ যা।” ৰজাৰ হুকুম পাই সিহঁতে ৰজাৰ ভঁৰালৰপৰা বাটত খাবলৈ যি বস্তু লাগে সেইবোৰ লগতে লৈ পাঁচখন নাৱত ভৰা দি মাণিক আনিবলৈ আগৰেদি যাত্ৰা কৰিলে।

 লাগীৰ পুতেকহঁত মাণিক আনিবলৈ যোৱা শুনি এলাগীৰ খোৰা পুতেকেও মাকক সুধিলে, “আই, মোৰ ককাইহঁত মাণিক আনিবলৈ গৈছে মইও যাওঁ।” মাক ক'লে, “বোপাই, সিহঁত হৈছে ছয় ভাই-ককাই, বাপেকৰো অতি মৰমৰ; তই হৈছ এলাগীৰ একোটি পোনা, বাপেৰেও তোক দেখিব নোৱাৰে, ককাইদেৱেৰহঁতেও দেখিব নোৱাৰে। তই ক'লৈ