পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম সাধু আজি নাতিয়েকে ককাকৰ পিঠিত ওলমি পৰি ককাকক মাতিছে হে মাতিছে, ককাকে নামাতে। ককাকৰ খং। নাতি। ককা। নাতি। ককা। নাতি। ককা। নাতি। ককা। - ৩৩ - “ককাদেউতা, মোক নামাতা নো কিয়? মইনো কি জগৰ লগালো?” “বৰ জগৰ লগাইছ; সেইদেখি নামাতো।” “কি জগৰ লগালো কোৱাচোন? মোৰ দেখোন মনত নপৰে৷” “আজি গধূলি তই দেউতাৰৰ আগত মিছা কথা কৈছিলি কিয়?” “কি মিছা কথা?” “দেউতাৰে যেতিয়া সুধিছিল, তই আজি দুপৰীয়া বৰষুণ জাকত বাহিৰলৈ ওলাই উমলি তিতিছিলি নে নাই, তই কালি ‘নাই ওলোৱা, নাই তিতা।' তোৰ মাৰে দেখোন মোক কৈছে, বোলে তই তুলাপাতৰ নাও সাজি বৰষুণৰ ডোঙা বন্ধা পানীত উটাই দি, পানীত খেদ্‌খেদাই আছিলি?” “দেউতাই শুনিলে মাৰিব বুলি ভয়ত তেনেকৈ কৈছিলো; আৰু নকওঁ।” “নকবি বুলি মনতে সৈ কাঢ়। ভয়তে হওক বা ধেমালিতে হওক, কোনোকালে কেতিয়াও মিছা কথা ক’ব নাপায়। মিছাৰ সমান পাপ নাই। সঁচাৰ সমান পুণ্য নাই। আজিৰ পৰা মোৰ কুটুম, তই কেতিয়াও মিছা কথা নকবি। বাৰু তই নকওঁ বুলি সৈ কাঢ়িছ যেতিয়া মোৰ খং মাৰ গ'ল। আহ এতিয়া সাধু কওঁ।”