সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
 


বামুণীক খুজি খাৰণী এটোপা লৈ গা ধুই আছিল; এনেতে ওচৰতে ৰজাৰ ঘাটত ৰজাৰ ভনীয়েকেও গা ধোৱক। সৰু কোঁৱৰে খাৰণী ঘহি নৈত গা ধুলত তাৰ গাটোৰ মলি গুচি বৰণ কেঁচা-সোণৰ বৰণ যেন হ'ল। ৰজাৰ ভনীয়েকে তাক তেনেকুৱা দেখি ৰজাৰ কোঁৱৰ বুলি চিনি পাই, পানীত বুৰ মাৰি আহি তাৰ কাণৰ কেৰুযোৰ চুৰ কৰি লৈ গ'ল আৰু নিজৰ মনতে তাক স্বামী বুলি বৰিলে।
 ইয়াৰ পিছত গৰখীয়া সৰু কোঁৱৰ ঘৰলৈ আহিলত, বামুণীয়ে তাৰ “কেৰুযোৰ কলৈ গ'ল” বুলি তাক সুধিলত, সি “পানীত পৰি হেৰাল” বুলি ক'লে। কিছুমান দিনৰ মূৰত ৰজাই ভনীয়েকৰ সয়ম্বৰ পাতিলে। বামুণে গৰখীয়াক ক'লে, “হেৰ আজি ৰজাৰ ভনীয়েকৰ সয়ম্বৰ, আহচোন আমিও চাবলৈ যাওঁহঁক।” এইবুলি বামুণ গৰখীয়াৰে সৈতে সেই সয়ম্বৰলৈ গ'ল। ৰজাৰ ভনীয়েকে সয়ম্বৰ সভালৈ আহিয়েই বামুণৰ গৰখীয়াক দেখি সেই তেওঁ গা ধোওঁতে দেখা ল'ৰাটোৱেই বুলি চিনি পাই তাৰ ডিঙিত মালা দিলে।
 দেশ-বিদেশৰ পৰা অহা আনবোৰ ৰাজকোঁৱৰে ৰজাৰ ভনীয়েকৰ পৰা মালা পাবলৈ আশা কৰি মূৰ দোৱাঁই থাকোতেই গ'ল। ৰজাৰ ভনীয়েকে গৰখীয়াৰ মূৰত মালা দি গৰখীয়াক স্বামী বৰা দেখি সকলোৱে লাজত তললৈ মূৰ কৰি ৰ'ল। আৰু ৰজাই বৰকৈ অপমান পাই ভনীয়েকক খেদাই দিলে।
 গৰখীয়া ল'ৰা ঘৈণীয়েকেৰে সৈতে হাবিৰ ফালে গুচি গৈ হাবিতে ঘৰ এটা সাজি থাকিল। ইফালে ককায়েক ৰজাই ভায়েকৰ শোকত পাটীৰপৰা উঠিবই নোৱাৰা হ'ল। তেওঁৰ ভায়েকটি অৰ্থাৎ‍ সৰু কোঁৱৰ দেখিবলৈ হৰিণা পহুটি যেন আছিল। আৰু ভনীয়েক অৰ্থাৎ তেওঁ যিজন ৰজাৰ ৰাজপাটত বহি ৰজা হৈছিল সেই ৰজাৰ জীয়েকও (যাক গৰখীয়াই লৈ গ'ল) দেখিবলৈ এজনী হৰিণা পহু যেন আছিল। সেইদেখি তেওঁ এহাল হৰিণা পহু চাই থাকি মন জুৰাবলৈ ইচ্ছা কৰি পহু এহাল ধৰি আনিবলৈ হাবিলৈ মানুহ পঠিয়ালে। সেই মানুহৰে এজোৰা এদিন সৰু