পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিৰোতা আছিল। কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত-কথাৰে বামুণীয়ে বামুণৰ তৎ এৰুৱাই দিছিল। এদিন গধূলি বামুণ শুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল। তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোনে আছিল। সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ ওভতা দেখি বামুণীয়ে উগ্ৰমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এটাৰ লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে। বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহতগছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি। দৈবক্ৰমে সেই গছজোপাত এটা ভূত আছিল। বামুণীয়ে গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাঢ়নীৰে মাৰিবলৈ আহিছে, ইয়াকে ভাবি ভূতে ভয় খাই তাৰপৰা পলাই ৰজাৰ নগৰ ওলালগৈ। এদিন বামুণ ৰজাৰ নগৰৰ বজাৰত ফুৰোঁতে ভূতে তেওঁক দেখা পাই আঁতৰলৈ মাতি নি সুধিলে, “তুমি সেই বাঢ়নী দেখি পলাই অহা বামুণ নোহোৱা নে?” বামুণে আচৰিত হৈ ক’লে, “হওঁ! তুমি নো কোন?” ভূতে ক’লে, “সেইদিনা তোমাৰ ঘৈণীয়েৰাই বাঢ়নী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই সাৰিলা; তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা আঁহত গছজোপাতে বাঢ়নীৰে কোব ধৰিলেহি, মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোঁহি। এতিয়া তোমাৰে মোৰে একে দশা, সেইদেখি তোমাৰ মই অলপ উপকাৰ কৰিব খোজোঁ। মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ; মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ-গিয়ানী লগাব, কোনোমতেই মই নেৰোঁ; কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হ'লেই এৰি গুচি যাম। তেতিয়া মন্ত্ৰীয়ে তোমাক অনেক ধন-সম্পত্তি দিব, তাৰে তুমি সুখেৰে খাই লৈ থাকিব পাৰিবা। তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিমগৈ; কিন্তু তুমি তালৈ কেতিয়াও নেযাবা; গ'লেই তোমাক মাৰিম। কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ।” বামুণৰ লগত ভূতৰ এইদৰে কথা-বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে, মন্ত্ৰীৰ জীয়েকক ভূতে পাই বলিয়া কৰিছে। মন্ত্ৰীয়ে