পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ মেলিবলৈ কৈছিল। এইবাৰো বাঁৰীৰ ল'ৰাই আগৰদৰেই চাই আছিল। ঘৰ পাবলৈ অলপমান বাট থাকোতেই পণ্ডিতে সিহঁতক ক'লে, “বোপাহঁত, তহঁত ইয়াতে অলপ ৰ, মই ঘৰৰপৰা আহোঁগৈ, তেহে তহঁতক নিব পাৰিম। মোৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ, উভতি আহি তিলকতে তহঁতক লৈ যামহি।” সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল; সেইদেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰ’ল। পণ্ডিত আহি জ্ঞাতিক ভোজ দিবৰ নিমিত্তে ঠিক-ঠাক কৰিবলৈ ধৰিলে। ল’ৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল, কিন্তু ভালেখিনি বেলি হ’ল, পণ্ডিত নাই। বাঁৰীৰ ল’ৰাই “ভাইহঁত, মই পণ্ডিতৰ ঘৰৰ পৰা লৰি আহোঁগৈ, তহঁতে ইয়াতে থাক, তেওঁনো কি কৰিছে মই বেগেতে গৈ চাই আহোঁচোন” বুলি কৈ একে লৰেই পণ্ডিতৰ ঘৰ ওলালগৈ। সেই সময়ত পণ্ডিত ঘৰত নাছিল, দিহিঙে-দিপাঙে থকা ৰাক্ষসবোৰ মাতিবলৈ আৰু পাত-পচলা গোটাবলৈ গৈছিল। ৰাক্ষসৰ ঘৰৰ বেৰত আঁৰি থোৱা মানুহৰ মূৰ দুটাই বাঁৰীৰ পুতেকক দেখি ক'লে, “হেৰঔ তই ক’লৈ আহিছ? তোক ৰাক্ষসে খাব, এতিয়াই এই গাঁৱৰপৰা পলা, বেগতে পলা।” সি মূৰ দুটাৰ এই কথা শুনি তাৰপৰা তুৰন্তে পলাই একে কোবেই লগৰীয়াহঁতৰ লগ পালেহি, পাই সিহঁতক সকলো কথা ভাঙি ক’লে। সিহঁতে শুনি ভয়ত থৰ্‌ থৰ্‌ কৰে কঁপিবলৈ ধৰিলে। বাঁৰীৰ ল’ৰাই “কোনো ভয় নাই, মই আছোঁ, বলহঁক আমি আমাৰ ঘৰলৈ উভতি যাওঁগৈ।” এইবুলি কৈ ঘৰৰফালে খোজ ল’লে। এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি ল’ৰাবোৰক থোৱা ঠাইত নাপাই অহা বাটেদি লৰিবলৈ ধৰিলে। বাঁৰীৰ ল’ৰাই, ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল সেইদৰে লৈ, বালিত ৰাক্ষসে পুতি থোৱা চুঙা দুটা উলিয়াই লৈ, এটাত ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ গ'ল। ৰাক্ষসে খেদি আহি বাঁৰীৰ ল’ৰাক দূৰৰ পৰা দেখি চিঞৰি চিঞৰি ক’লে, “বাৰু ভাল বুকু চাই কামোৰ মাৰিলি তই! যা, যা, মইও গৈছোঁ পাছতে।” এই কথা কৈ ৰাক্ষস উভতি গ’ল। ইহঁত আহি গাওঁ পাই ঘৰাঘৰি গুচি গ'ল। বাৰীৰ ল’ৰাই মাকৰ ওচৰত সকলো কথা ভাঙি ক’লেহি আৰু সি ধন আৰ্জিবৰ মনেৰে মাকক