সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৪

তেতিয়া সিহঁত আটাইবোৰে ল'ৰাটোক আকোৱাল মাৰি ধৰি সন্তোষ জনাই তাৰ শলাগ লৈ নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল।

 ইয়াৰ পিছত ল'ৰাটোৱে ৰাক্ষসৰ ঘোঁৰাশালৰ পৰা তাজী ঘোঁৰা এটা লৈ তাৰ পিঠিত উঠি সেই অৰণ্যৰ মাজেদিয়েই আহিবলৈ ধৰিলে। আহি থাকোঁতে আহি থাকোঁতে সি আৰু এখন ৰাক্ষসৰ ঠাই পালেহি। সেই ঠাইৰ গৰাকিয়নী এজনী ৰাক্ষসী। তাই মানুহ দেখিলে হৰিণাপহু এটা হৈ ওচৰ চাপে আৰু পহুটো ধৰিবৰ মন কৰি মানুহজন আগবাঢ়ি গ'লেই পহুটোৱে ধৰা নিদি আগে আগে লৰি পলাই যায়। এইদৰে পহুটোৱে মানুহটো লৈ গৈ পৰ্বতৰ ঘোপ এটাত সোমায়গৈ। সেই ঘোপত মানুহ সোমালেই সোমাওঁতাজনে উশাহ-নিশাহ ল'ব নোৱাৰি পৰি মৰি যায়; আৰু তেতিয়া ৰাক্ষসীয়ে নিজ ৰূপ ধৰি ৰং মনেৰে শটো খায়। ল'ৰাটোকো এতিয়া তাই সেইদৰে ভুলাই লৈ গৈ সেই ঘোপত সুমাই মাৰি পেলালে। ৰাক্ষসীয়ে, “আজি ইয়াৰ ঘোঁৰাটোকে খাওঁ, কাইলৈ ইয়াক খাম” বুলি সেই দিনা ঘোঁৰাটো খাই, ল'ৰাটো পিছদিনাখন খাবলৈ থৈ দিলে।

 ইফালে ল'ৰাটোৰ ঘৰত তুলসীগছজোপা জঁয় পৰি যোৱা দেখি ভায়েকে বুজিলে যে তাৰ ককায়েকৰ মৃত্যু হ'ল। সি ৰাক্ষসীবিদ্যা ভালকৈ জানে বুলি আগেয়ে কৈ আহিছোঁ। তৎক্ষণাৎ সি গণিপঢ়ি জানিলে, তাৰ ককায়েক ক'ত তেনেকৈ মৰিল। জানিব পাৰিয়েই সি ততালিকে ঘোঁৰা এটাত উঠি ধনু কাড় লৈ সেই ৰাক্ষসীৰ চোং পালেহি; ৰাক্ষসীয়ে দূৰৰপৰা আৰু বৰ ৰং পাই হৰিণাপহু এটা হৈ তাক দেখা দিলে। ল'ৰাটোৱেও পহুটো দেখিয়েই সেইজনী ৰাক্ষসী বুলি বুজি ৰাক্ষসী বিদ্যাৰে মায়া হৈ, বাঘ এটা হ'ল। তেতিয়া ৰাক্ষসীয়ে বুজিলে যে এইবাৰ সমানে সমানে পৰিছে। তাই তেতিয়াই এটা দুৰ্জ্জয় অজগৰ সাপ হৈ মুখ মেলি বাঘটো গিলিবলৈ খেদি আহিলত, বাঘটোৱে বৰ ডাঙৰ নেউল এটা হৈ তৎক্ষণাতে সাপটো ডোখৰ ডোখৰ কৰি মাৰি পেলালে।

 ৰাক্ষসীক মাৰি অঁতাই গুহালৈ গৈ ভায়েকে মন্ত্ৰ মাতি ককায়েকক