সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
 

ওলাল; কিন্তু বাটৰ একো দিহা নজনা বাবে পিৰালিতে মনে মনে বহি আছিল। শেহপৰ নিশাত চোৰ সাতোটাই চুৰ কৰিবলৈ তালৈকে আহিছিল। সিহঁতক দেখি সোণপাহীয়ে সিহঁতৰ ফালে আগবাঢ়ি গ'ল৷ চোৰহঁতে সিহঁতক কোনোবাই ধৰিবলৈ অহা ভাবি বিম্বাশবদে লৰ মাৰিলে। সোণপাহীও সিহঁতৰ পাছে পাছে লৰি গ'ল। পুৱতি নিশা হ'লত চোৰহঁতে উভতি চাই দেখে যে মতা মানুহ নহয়, এজনী দিপ্ লিপ্ গাভৰুহে। তেতিয়া সিহঁত সাতোটাই উভতি এটাই বোলে মই নিওঁ, ইটোৱে বোলে মই নিওঁ, সিটোৱে বোলে মই নিওঁ, এইবুলি তাইক কঢ়া- আজোৰা লগালে। সোণপাহীয়ে অলপো ভয় নাখাই সিহঁতক ক'লে, “তহঁতে মিছাতে দন্দ্ব হাই কৰি মৰিছ কেলৈ? মই কওঁ শুন, কেউটাই লৰ মাৰি গৈ সৌ ৰিণিকি ৰিণিকি দেখা বৰগছজোপা যেয়ে আগেয়ে চুবি মই তালৈকে যাম।” সিহঁত সেই কথাত মান্তি হৈ লৰ মাৰিলে। ইপিনে সোণপাহী সাউত কৰে হাবিৰ মাজত সোমাই পলাল। সিফালে ৰজাৰ ল'ৰাই সাৰ পাই দেখে যে সোণপাহী নাই। তেতিয়া চাৰিওফালে তেওঁ পিত্-পিতকৈ বিচাৰিও সোণপাহীক নাপাই নাও লৈ বিচাৰি ওলাল। চোৰহঁতেও উভতি আহি মাইকীজনীক নাপাই তাই সিহঁতক ইমান ফাঁকি দিলে বুলি নিজকে ধিক্কাৰ দি নাও লৈ তাইক বিচাৰি ওলাল।

 গিৰিয়েক নোমলে বুঢ়া-বুঢ়ীৰ ঘৰ পাই দেখে যে সোণপাহীও নাই, বুঢ়া-বুঢ়ীও নাই। ঘৰ-বাৰী নিঃপাল। সোণপাহী নাৱৰীয়াৰ লগত যোৱাৰ পাছদিনাই হাইজা হৈ বুঢ়া-বুঢ়ী হালিয়েই মৰি আছে। নোমলে কান্দি-কাটি ঘৈণীয়েকক বিচাৰি সেই নাৱতে আকৌ উঠিল।

 ইপিনে সোণপাহীয়ে হাবিয়ে হাবিয়ে গৈ গৈ এখন নৈৰ পাৰত ওলাই দেখে যে মুদৈ এটাই নাৱৰ পৰা নামি ধপাত খাই বালিতে বহি আছে আৰু নাৱৰীয়াকিটা নাৱৰ ভিতৰত শুই আছে। মুদৈয়ে ঘূৰি চাই দেখে যে এজনী চিকুণ গাভৰু ছোৱালী। তাইক সি সুধিলে, “তুমি কোন? এনে অৱস্থাৰে হাবিৰ মাজত কিয় ফুৰিছা?” তাই ক’লে, “মই অনাথিনী, মোৰ গিৰিহঁতক বিচাৰি ফুৰিছোঁ।” মুদৈয়ে ক'লে, “তেন্তে