সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৬

এটি খাবলৈ দিয়া।” নুমলীয়াই ক'লে, “মূৰ দিলে তই মোক কি দিবি ক, তেহে দিব পাৰোঁ।” ভূতে ক'লে, “মোৰ হাঁতৰ এই টোকোনডাল দিম।”

 টোকোনডালৰ উপকাৰ কি?” বুলি নুমলীয়াই সুধিলত ভূতে ক’লে, “যাকে তোমাৰ মাৰিবৰ মন যায়, তাঁকে মাৰিবলৈ এই টোকোনডালক ক’লে টোকোনডালে তাকে মাৰিবগৈ।” এই কথা শুনি নুমলীয়াই তাৰ মূৰ এটা দি ভূতৰ টোকোনডাল ল'লে।

 এই ঘটনাৰ পৰা এখনমান তামোল খোৱাৰ পিছত কট্‌কুৰা চুলি, চলাচল বগা দাঁত, জুই-আঙনি যেন ৰঙা চকু আৰু গেমেধা ওঁঠেৰে যখ এটাই আহি নুমলীয়াক মূৰ এটা খাবলৈ খুজিলত, নুমলীয়াই মাত লগালে, “তোক মূৰ দিলে তই মোক কি দিবি?” যখে উত্তৰ দিলে, “মোৰ হাতৰ এই জৰীডাল দিম।” “জৰীডালৰ গুণ কি?” বুলি সি সুধিলত যখে ক’লে, “এই জৰীডালক পাচিলে, যাকে বান্ধি আনিবলৈ কঁবা তাকে সি বান্ধি আনিবগৈ।” এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ল'লে।

 মূৰটো লৈ যখটো গুচি গ'লত নুমলীয়াই নানা কথা ভাবি শুব নোৱাৰি হাচটিখন মেলি তামোল-পাণ উলিয়াই কাটি তামোল এখন মূখত দিছে মাথোন, এনেতে পথাৰৰ সিমূৰে ডাঙৰ আমগছ এজোপাত থকা ব্ৰহ্মদৈত্য এটাই বেঙা মেলি আহি টঙিৰ ওচৰত থিয় দিলেহি। দৈত্যটোৰ আকৃতি দেখি নুমলীয়াৰ মাত লগালে, “তই কোন? কি লাগে?” সি উত্তৰ দিলে— “মই বৰহম দইত। সৌ আমগছজোপাতে মই থাকোঁ। ম‍ই তাৰপৰা দেখি আছিলোঁ তুমি তোমাৰ চাৰিটা মূৰৰ তিনিটা বিলালা। বাকীটো মোক নিদিয়ানো কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপাকেটেপ লাগি আছে, তাৰেই মুহুদিটো কৰি মুখখন ফফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ।” নুমলীয়াই সুধিলে, “মই তোক মূৰটো দিলে, তই মোক কি দিবি? সিহঁতকেইটাই একোটা বস্তুৰে মূৰৰ বেচ দি হে মূৰ নিছে।” ব্ৰহ্মদৈত্যই ক'লে, “সেইটো মই জানো; দেখি আছোঁ। সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমজোৰকে তোমাক