সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৪

মুখতে থকা, পুখুৰীটোত গা ধুই, মালাধাৰ হাতত লৈ “মোৰ পিতৃৰ ধন যত যি আছে ওলাই পৰ” বুলিলতে সকলোখিনি ওলাই পৰিল। তেওঁ তেতিয়াই সেই ধনেৰে কিছুমান মাকক দি ক'লে, “আই, কাইলৈ যদি কোনোবা আহি তোক খচকিও নিয়ে তথাপি তই এই টকাৰ সৈ নলবি।” এই বুলি মাকক কৈ তেওঁ বাকী টকাবোৰ লৈ বাটত থকা জৰীগছ এজোপাৰ আগত উঠি থাকিল। পিছদিনা ভোজ ৰজাৰ-জীয়েকে হাৰীটোৰে সৈতে আহি ৰূপবান একো নেপাই বুঢ়ীক সুধিও একো উৱাদিহ উলিয়াব নোৱাৰি নিৰাশ হৈ গুচি গ'ল। ইয়াৰ পিচত বিক্ৰমাদিত্যৰ পুতেকে গছৰপৰা নামি আহি কিছুমান ৰূপ লগত লৈ বাকীখিনি পুখুৰীটোতে ভালকৈ বুৰাই পুতি থ’লে। আগৰদৰে দেখাশুনাকৈ থাকিলে আপদৰ ভয় দেখি তেওঁ মৰা শিয়ালৰ মোট এটা পিন্ধি পগলাৰ ভাও জুৰি ঘৰ এৰি গাৱে গাঁৱে ফুৰিবলৈ ধৰিলে। তেতিয়াৰেপৰা তেওঁৰ নাম “শিয়াল পগলা” হ'ল।

 শিয়াল-পগলাই এইদৰে ফুৰি ফুৰি এখন বেলেগ ৰজাৰ নগৰত ওলালগৈ। সেই ৰজাৰ নগৰতে সোণাৰি এটাই কিছুমান ৰজা-ঘৰীয়া অলঙ্কাৰ কৰি থকা দেখি তেওঁ সোণাৰিটোক ক’লে, ‘হেৰ সোণাৰি, তোক ধন দিওঁ, তোৰ অলঙ্কাৰবোৰ মোক দিবি নে?” সোণাৰিয়ে ক'লে, “ৰজাৰ অলঙ্কাৰ মই তোক কেনেকৈ দিম বোপাই?” শিয়াল-পগলাই ক’লে, “যিমান বেচ তাততৈ সৰহকৈ টকা দিওঁ দে।” সোণাৰিয়ে অলঙ্কাৰৰ বেচতকৈ বেছি টকা পাই অলঙ্কাৰবোৰ শিয়াল-পগলাক দিলে। শিয়াল-পগলাই অলঙ্কাৰবোৰ জোকাৰি-পোকাৰি নাচি ফুৰিবলৈ ধৰিলে। শিয়াল-পগলাই শিয়ালৰ ছালৰ মোটটোৰ ওপৰত লালী গুড় সানি লৈছিল, সেইদেখি তাত ভেনামাখিয়ে ভেন্‌-ভেনাই থাকে।

 এইদৰে গৈ গৈ শিয়াল-পগলা ৰজাৰ ঘৰৰ ওচৰ পালেগৈ। সি নো কৰে কি, —যেতিয়া ৰজাৰ জীয়েক আৰু পাতৰৰ জীয়েক পঢ়াশালিলৈ যায়, তেতিয়া সি বাটতে পথালি দি পৰি থাকে। পাতৰৰ জীয়েকে কয়,–“এই পোক-লগা শগুণেখোৱাটোকনো বাটত পৰি থাকিবলৈ কিহে পাইছে অ’?” তেতিয়া শিয়াল-পগলাই কেঁকাই কেঁকাই