সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
 

নুমলীয়াই ক’লে, “আপুনি মোক চিনি পাইছেনে?” বাপেকে নুমলীয়াৰ মুখলৈ কিছুমান বেলি ৰ-লাগি চাই থাকি ক'লে, “সৰ্বদেও, চিনো চিনো যেন লাগিছে, কিন্তু ক'লে কটা যাম।” নুমলীয়াই ক’লে, “কোনো ভয় নাই, নিৰ্ভয়ে কোৱা।” বাপেকে ক'লে, “সৰ্গদেওক মোৰ নুমলীয়া পোটো যেন দেখিছোঁ।” এই কথা শুনি নুমলীয়াই বাপেকৰ ভৰিত পৰি সেৱা কৰি আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি ক'লত বুঢ়াৰ চকুৰপৰা আনন্দৰ লো ববলৈ ধৰিলে।

 ইয়াৰ পিছত নুমলীয়াই বাপেকক সেই ৰাজ্যৰে ৰজা পাতি নিজৰ ৰাজ্যলৈ উভতি আহিল আৰু দুইজনী কুঁৱৰীৰে সৈতে গৃহবাস কৰি মহাসুখে ৰাজ্য ভোগ কৰি থাকিল। মোৰ কাপোৰ-কানি ক’লা হ'ল, গুচি আহিলোঁ।

সপ্তদশ সাধু

ককা৷ - “মোৰ বাপুকণ ঔ?”

নাতি। - “ককাদেউতা, কি? ”

ককা৷ - “আজি এটা ৰাক্ষসৰ সাধু শুনিবি নে?”

নাতি। - “শুনিম শুনিম, কোৱা ককাদেউতা কোৱা।”

ককা। - “ভয় নেখাৱ তো?”

নাতি। - "নাখাওঁ ককাদেউতা কোৱা।”

ককা। - শুন তেন্তে” বুলি ককাই আৰম্ভ কৰিলে।

ৰাক্ষস পণ্ডিত

 এহাল বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ বহুত ধন-সম্পত্তি আছিল, কিন্তু ল'ৰা-ছোৱালী নাছিল। সেইদেখি সিহঁতৰ মনত বৰ দুখ। এক-দিনা-প্ৰতি