সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৪

ৰাতি গহীন হ'লত, নাগ-ৰজাৰ জীয়েকে যৌতুকত পোৱা নাগ-নাগিনীক ক’লে, “বোপায়ে মোক বিপদত তাৰিবলৈ তহঁতক মোৰ লগত দিছে। তহঁতে আজি ৰাতিৰ ভিতৰতে এই দুপুৰা মাটিত পুখুৰী দুটা খানি তাতে নাগ বহুৱাই দিব লাগিব, নহলে এৰণ নাই।” নাগৰজাৰ জীয়েকৰ কথা শুনি নাগ-নাগিনীয়ে তেতিয়াই “দেখৰ” নাগ মাতি আনি পুখুৰী খানিবলৈ লগাই দিলে; আৰু ৰাতিৰ ভিতৰতে মাটি দুপুৰাত সিহঁতে দুটা পুখুৰী খানি তাত নাগ পুতি থৈ গুচি গ'ল। পিছদিনা পুৱা ৰজা আৰু নাপিতে পুখুৰী দুটা দেখি বিস্ময় মানিলে; আৰু এনে দুটা অসাইধ কাম দিও মন্ত্ৰীক হৰুৱাব নোৱাৰি নাপিত বিবুধি হ'ল।

 ইয়াৰ দিনচেৰেকৰ পিছত আকৌ নাপিতে এটা বুধি চৰ্জি ৰজাক ক’লে, “স্বৰ্গদেও, স্বৰ্গদেওৰ মন্ত্ৰী এতিয়াও আচল মন্ত্ৰীৰ যোগ্য হব পৰা নাইগৈ; মন্ত্ৰীৰ আৰু কাম আছে।” ৰজাই সেইটো কি কাম?” বুলি সুধিলত নাপিতে ক’লে, “যি মন্ত্ৰীয়ে ৰাতিটোৰ ভিতৰতে এখন সৰ্পৰ নগৰ সজাই দিব পাৰিব সি হে আচল মন্ত্ৰী। ন'হলে এই মন্ত্ৰী ফপহুতা মন্ত্ৰী।” নাপিতৰ কথা শুনি ৰজাই মন্ত্ৰীক মতাই আনি ক'লে, “তুমি যদি আজি ৰাতিৰ ভিতৰতে তুমি মোক এখন সৰ্পৰ নগৰ সজাই দিয়াব পাৰা, তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা, নতুবা তোমাক কটাম। ” মন্ত্ৰীয়ে আকৌ এইটো ন-বিপদ গাত পৰাহি দেখি দুখে-বেজাৰে ঘৰত জুপুকা মাৰি বহি আছেগৈ; এনেতে সপৰজাৰ জীয়েকে দেখি “কি হৈছে? বুলি সুধিলত গিৰিয়েকে সেই বিপদৰ কথা কৈ দুখ কৰিবলৈ ধৰিলে। ঘৈণীয়েকে ক’লে, “এইফেৰা কথাৰ নিমিত্তে আপোনাৰ ইমানটো বেজাৰ? যাওক আপুনি ভাত-পানী খাই মহাসুখে শুই থাককগৈ, মই এই ৰাতিৰ ভিতৰতে আপোনাক সৰ্পৰ নগৰত কেইখন লাগে সজাই দিয়াম।” ঘৈণীয়েকৰ আশ্বাস বাণী শুনি গিৰিয়েকে ভাত-পানী খাই শুই থাকিল। ৰাতি দুপৰ হ'লত, সৰ্পৰজাৰ জীয়েকে যৌতুকত পোৱা সাপজোৰা জপাৰ পৰা উলিয়াই এৰি দি সৰ্পৰ নগৰ এখন সাজি দিবলৈ সিহঁতক ক'লত, সিহঁতে ততালিকে গৈ লগৰ সাপ এটাইবোৰ মাতি আনিলেগৈ। সিহঁতে বৰ বৰ অজগৰক খুটা-চটি পাতিলে,