সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৬

উশাহ পাই উঠি খাবলৈ গ'ল।

 ইফালে নাপিতটোৱে ভাবিলে “ই মন্ত্ৰীয়ে নো কেনেকৈ বাৰে বাৰে ইমান আচৰিত কামবোৰ কৰে, চাব লাগিব।” ইয়াকে নাপিতে ভাবি, ৰাতি মন্ত্ৰীৰ ঘৰলৈ গৈ বাহিৰৰ পৰা বেৰৰ জলঙাইদি জুমি চাই আছিল। ৰাতি গহীন হ'লত বিচনীৰজাৰ জীয়েকে যৌতুকত পোৱা বিচনী দুখন উলিয়াই “আজি মোক বিপদত তৰাব লাগিব” বুলি বিচনী দুখনৰ আগত কৈ, এখনেৰে গিৰিয়েকৰ গাত বা মাৰি দিলত গিৰিয়েক মাৰি থাকিল; আৰু ততালিকে, ৰজাৰ উপৰি-পুৰুষৰ ওচৰ পাই, ৰজাই চিৰি-আঙঠিটো খুজিছে বুলি তেওঁলোকৰ আগত কৈ আঙঠিটো ললে। তাৰ পাছত ঘৈণীয়েকে এখন বিচনীৰে বা মাৰি দিলতে গিৰিয়েকে জীৱ পাই উঠি বহিল। বেৰৰ জলঙাইদি নাপিতে এই কথা দেখি গুচি আহিল।

 পিছদিনা মন্ত্ৰীয়ে ৰজাৰ হাতত চিৰি-আঙুঠিটো দি ক'লে, “স্বৰ্গদেৱ, এইয়া চিৰি আঙুঠি চিনি লওক।” ৰজাই আঙঠিটো দেখি চিনি পাই, মন্ত্ৰীক শলাগিবলৈ ধৰিলে, সেইদিনা মন্ত্ৰীয়েও নাপিতক মাৰিবৰ বুধি সাজি ৰজাক ক’লে, “স্বৰ্গদেউ, এই চিৰি আঙঠি আনিবলৈ যাওঁতে দেখি আহিলোঁ, যে নাপিতৰ অভাৱত আপোনাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি আৰু নখবোৰ বৰ দীঘল হৈ পৰিছে। তেখেকসকলে মোক দেখি আপোনাৰ নাপিতটোৰ নাম কাঢ়ি তাক তেখেতসকলৰ ওচৰলৈ পঠিয়াই দিবলৈ ক'লে।” ৰজাই মন্ত্ৰীৰ কথা সঁচা বুলি পতিয়াই নাপিতক মতাই অনাই ক’লে “মোৰ উপৰি-পুৰুষসকলৰ ডাঢ়ি-চুলি দীঘল হ'ল। তই আজি ৰাতিয়ে গৈ খুৰাই আহিবলৈ লাগে।” নাপিতে “ভাল সৰ্গদেউ” বুলি তাৰ ঘৰলৈ গ'ল। সি আগদিনা মন্ত্ৰীয়ে দুখন বিচনীৰ সহায়ত পৰলোকৰ পৰা ৰজাৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি অনা দেখিছিল। সি সেইদেখি সেইটো উজু কাম বুলি ভাবি ৰং মনেৰে কৰিবলৈ আগবাঢ়ি তাৰ ঘৈণীয়েকক সোনকালে ভাত-পানী ৰান্ধি দিবলৈ ক'লে। খাই-বৈ উঠি নাপিতে নাপিতনীক দুখন বিচনী আনিবলৈ ক'লে। নাপিতনীয়ে বিচনী দুখন আনি দিলত, নাপিতে তাইক ক'লে, “বোলো মই ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিব লাগে,