পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আতৌ-পুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰপৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক’বলৈ ধৰিলে – “পৰলৈ দুখ কৰা কোনো সকাম নাই।” সেই দিনাৰপৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাও দি আপোনা-আপুনি কয়, “মোক যেনেকৈ তই নিৰাশ কৰিলি, তয়ো তেনেকৈ নিৰাশ হবি।” সি মাছৰ কথাকে ভাবি-গুণি থাকি শোকত লাহে লাহে শুকাই-ক্ষীণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই-বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল’ৰা উপজিল। ল’ৰাটি এনে ৰূপহ হৈ উথলি আহিছিল যে, তাক যেয়ে দেখে সেয়ে একোলা লবলৈ বিচাৰিছিল। বামুণ-বামুণীয়ে ল’ৰাৰ মুখ দেখি ভোক-পিয়াহলৈ পাহৰিছিল। আজি-কালিকৈ ল’ৰাটো ডাঙৰ হৈ আহিল। ৰূপে-গুণে লৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণ বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটো ইমান মোহ লগা হৈছিল যে বামুণ- বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল’ৰাটি চফল ডেকা হওঁতেই বিধতাৰ বিৰম্বনাত নিঠুৰ কালে বামুণ- বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল’ৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুলো নুগুচা হ'ল৷ দুয়োৰো খাৱন- শোৱন গুচিল আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি আধামৰা হ'ল। “কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাকৰ্নো পুৱা-গধূলি সদায় ঘেকালি থাকিলে সি কেনে পায়” এইবুলি বামুণে ঢেঁকীটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ, যমৰ হিয়া খুন্দিছোঁ বুলি কৈ, খুন্দি থাকে। বামুণে এনেকৈ দুখ-বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি, এদিন ৰাতি বামুণক সপোনত ক’লৈ, “তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা; মাথোন মই এটা কথা কওঁ তাকে তুমি কৰিবা— কাইলৈ তুমি