পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 সোধাত আপুনি বেপাৰী বুলি কৈছিল নহয়? পিছে নো এতিয়া কি কথা? ইহঁতেনো আপোনাক এইদৰে ক’লৈ নিয়ে? মন্ত্ৰীয়ে “এ নক’বা দেও সেইবোৰ কথা। মোৰ দুখৰ কথানো কি শুনিবা? তোমাৰ তাৰপৰা গৈ মোৰ কাম-কাজ দেখি মোৰ ওপৰত তুষ্ট হৈ ৰজাই মোক ডেকা- মন্ত্ৰী পাতিলে আৰু লগতে তেওঁৰ জীয়েককো মোলৈ বিয়া দিলে৷ তাৰ পিছত ইমানদিন আছিলোঁ সুখেৰেই; পিছে কালি ৰজাৰ কোঁৱৰে মৃগয়ালৈ যাবলৈ বুলি আহি লগ লোৱাত তেওঁৰ লগত মৃগয়ালৈ গৈছিলোঁ; কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ ধেনুৰপৰা কাঁড় এপাট লাগি কোঁৱৰ মৰিল। পিছে মই কোঁৱৰৰ মূৰটো কাটি ভালকৈ বান্ধি লৈ ঘৰলৈ গলোঁ, গৈ সেইটো পুতিবলৈ চিপৰাংখন ক’ত আছে বুলি আমাৰ ঘৈণীক চিপৰাং খোজাত তেওঁ কিয় চিপৰাং খুজিছে, চিপৰাঙেৰে এই ৰাতিখন কি কৰে, কি হৈছে, কি কথা, ঘনে ঘনে এই বুলি সোধাত, মই সকলোখিনি ভাঙি-পাতি ক’লো। পিছে ঘৈণীজনাই আজি ৰাতিপুৱাই শুই উঠিয়েই মাকৰ আগত এই কথা কোৱা মাত্ৰকে ৰজাই খবৰ পাই মোক ধৰাই নি, একো সোধ-পোছ নাই, বিচাৰ নাই, চাওদাঙৰ হাতত কাটিবলৈ দিছে।” নটীয়ে আচৰিত মানি সুধিলে “কি আপোনাৰ কোনো বিচাৰ কৰা নাই?” মন্ত্ৰীয়ে ক'লে— “এৰা নাই কৰা।” এই উত্তৰ পাই তাই চাওদাং আৰু পহৰীয়াক ক’লে, “ককাইদেউহঁত তহঁতে এওঁক এতিয়াই ৰজাৰ ওচৰলৈ ওভোটাই ল। কি অন্যায়! কি অধম! ৰজাৰ পুতেকক মাৰিলে বুলিয়েই সোধ-পোছ নোহোৱাকৈ মানুহজনক কাটিব পায়নে?” পহৰীয়াহঁতে “আইদেউ, ৰজাৰ আদেশ; আমি কেনেকৈ ওভোটাই লৈ যাওঁ?” বুলি কোৱাত, নটীয়ে এওঁক লৈ ব’ল, তাৰ বাবে যি দায় জগৰ লাগে মোৰ গাত লাগিব, ৰজাই মোক কাটিব, ময়ো যাওঁ তহঁতৰ লগতে।” এই বুলি কৈ তাই আকৌ এটাইমখাকে ওভোতাই লৈ ৰজাৰ সভাত হাজিৰ হ'লগৈ। ৰজাই মন্ত্ৰীক দেখিয়েই জ্বলি উঠি চাওদাঙৰ ফালে চাই ক’লে, “তোক মই ইয়াৰ কটা মূৰ আনিবলৈ কৈছিলোঁ নহয়?” নটীয়ে তেতিয়া আগবাঢ়ি আহি ক’বলৈ ধৰিলে, “মহাৰাজ, চাওদাঙৰ গাত কোনো দোষ নাই, মইহে সিহঁতক ওভোতাই লৈ আহিছোঁ। শুনিবলৈ পালোঁ, মহাৰাজে কোনো সোধ-পোছ -