সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
 

পানীমৰালী আৰু ডাহীক মাৰলি আৰু ৰুৱা পাতিলে। এইদৰে বিধে বিধে সাপেৰেই ঘৰৰপৰা দুৱাৰলৈ, পদূলিৰ পৰা বাটলৈকে সিহঁতে সাজি গোটেইখন সৰ্পময় কৰি পেলালে; ৰাতি এডোখৰৰ পৰা সাপৰ ফোঁপাউৰিত ওচৰত মানুহ থাকিব নোৱাৰা হ'ল। সাপৰ ফোঁপাউৰি শুনি ৰজাৰ টোপনি ভাগি গ'লত, ৰজাই উঠি চাই বিচূৰ্তি হৈ ভয় খাই লৰ মাৰি বৰ ঘৰৰ ভিতৰত সোমালগৈ। তেতিয়া ৰজাই মন্ত্ৰীক মতাই অনাই ক’লে, “মন্ত্ৰী মোক সৰ্পৰ নগৰ নালাগে, এতিয়াই ভাঙি দিয়া।” মন্ত্ৰীয়ে সেই কথা সৰ্পৰজাৰ জীয়েকক ক'লত, ঘৈণীয়েকে ভিতৰৰপৰা তিনিটা চাপৰি মাৰি দিলত সাপবোৰ দিহাদিহি গুচি গ'ল; আৰু তেতিয়াহে ৰজাই বৰঘৰৰ ভিতৰৰ পৰা ওলাব পাৰিলে।

 নাপিতে তাৰ বুধিবোৰ এটা এটাকৈ খটাইও মন্ত্ৰীক একো কৰিব নোৱাৰি বিমোৰত পৰি থাকি কিছুমান দিনৰ অন্তত আৰু এটা বুধি উলিয়ালে। সি মন্ত্ৰীক মাৰিবৰ মনেৰে ৰজাক এদিন ক'লে, “স্বৰ্গদেও, আপোনাৰ মন্ত্ৰীয়ে এইবোৰ যিমানকে কৰি দেখুৱাওক, তথাপি সি আপোনাৰ যোগ্যৰ আচল মন্ত্ৰী হ'ব পৰা নাই। যেতিয়ালৈকে সি আপোনাৰ উপৰি-পুৰুষ চিৰি আঙঠিটো আনি দিব নোৱাৰে তেতিয়ালৈকে সি আচল মন্ত্ৰী হ'ব নোৱাৰে। যি সেই চিৰি-আঙঠি আনি দিব পাৰে সি হে আচল মন্ত্ৰী।” ৰজাই নাপিতৰ কথা শুনি মন্ত্ৰীক মতাই আনি ৰজাৰ উপৰি-পুৰুষ চিৰি আঙঠি আনিবলৈ হুকুম দি ক'লে, “আনিব নোৱাৰিলে তোমাৰ প্ৰাণ নাথাকে।”

 ৰজাৰ হুকুম শুনি মন্ত্ৰীয়ে ভাবিলে যে তেওঁৰ আৰু এইবাৰ ৰক্ষা নাই। ঘৰলৈ গৈ তেওঁ মন মাৰি বহি আছে, এনেতে বিচনী ৰজাৰ জীয়েকে তেওঁক সেইদৰে আমন-জিমনকৈ থকা দেখি “কি হৈছে?” বুলি সুধিলত, তেওঁ ক’লে, “এইবাৰ জীয়াই থাকিলেহে থকা— আজি ৰজাই তেওঁৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি আনিবলৈ মোক হুকুম দিছে আনি দিব নোৱাৰিলে মোৰ প্ৰাণ নাথাকে।' ঘৈণীয়েকে ক’লে, “বাৰু যাওক, খোৱা-বোৱা কৰকগৈ; চিৰি-আঙঠি আনি দিব লাগে, আনি দিয়া যাব; সি একো টান কাম নহয়।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীয়ে অলপ