সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
 

 যিজন সাউদে ৰজাৰ ল'ৰাক দুৰ্গতি কৰি পোতাশালত থৈছিল সেই সাউদৰ ঘৰতে মন্ত্ৰীৰ ল'ৰাও গধূলি বেলিকা ওলালগৈ। সাউদে তেওঁক দেখা পাই অহাৰ কাৰণ সুধিলে। মন্ত্ৰীৰ ল'ৰায়ো “ফুৰি ফুৰি গধূলি হোৱাত আলহী চাপিলোঁ” বুলি ক'লে। তাৰ পিছত সাউদে তেওঁৰ আঁতি-গুৰি সোধাত, চতুৰ মন্ত্ৰীৰ ল'ৰাই লাহেকৈ ক'লে, “ সৰু কালতে মোৰ আই-বোপাই মৰিল। যেতিয়া মোৰ আই মৰে, তেতিয়া মই পিয়াহ-খোৱা। মোৰ আই মৰাত মোক ডাঙৰ কৰিবলৈ কোনো নোহোৱাত আমাৰ গাঁৱৰ এঘৰ মানুহে মোক প্ৰতিপাল কৰিবলৈ নিছিল। মই পিয়াহ-খোৱা, তেওঁলোকে মোক ক'ৰপৰা পিয়াহ দিব? পিয়াহৰ সলনি তেওঁলোকে মোক ভাতকে দিবলৈ ধৰিলে। তাতে মোৰ দুদ-মৰকীয়া লাগি মই ভাত সৰহকৈ খাবলৈ ধৰাত মোৰ পেটটো টেকেলিৰ দৰে ওলাল। সেইদেখি মানুহে মোক পেট-ভাতু বুলি মাতিবলৈ ধৰিলে। আজি পৰ্যন্ত মোৰ সেই নামেই থাকিল। মই এতিয়া ডাঙৰ হোৱাত মোক প্ৰতিপাল কৰা মানুহঘৰে সৈতে মোৰ দ্বন্দ্ব হাই লাগিবলৈ ধৰিলে। তাতে তেওঁলোকে আমনি পাই মোক মাৰি-কিলাই খেদি দিলে। ময়ো মনৰ বেজাৰত দেশ চাওঁ বুলি গুচি আহিলোঁ। আজি আপোনাৰ ইয়াতে ঈশ্বৰে ঠেকালে। মই এইদৰে ফুৰি থাকিম বুলিয়েই মনত ভাবিছোঁ আৰু সুবিধা পালে কোনোবাই ৰাখিলে থাকিবও পাৰোঁ।”

 থকাৰ কথা শুনি সাউদে মাত লগালে, “বোপাই, থাক যদি ময়ে ৰাখিব পাৰোঁ।” পেট-ভাতুৱে উত্তৰ দিলে, “ভাল; য’তে ত’তে চুচৰি বাগৰি ফুৰাতকৈ একেঘৰতে থাকিব পাৰিলে ময়ো বৰ্তো।” সাউদে ক'লে, “বোপাই, থাকো বুলি কৈছ হয়, কিন্তু এটা কথা— যি মানুহ আগেয়ে মোৰ ইয়াত থাকোঁ বুলি শেহত নথকা হয়, মই তাৰ নাকে- কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত থওঁ৷” পেট- ভাতুৱে ক'লে, “মোৰ তেনে এটা দস্তুৰ আছে; অৰ্থাৎ যি মানুহে মোকো ৰাখোঁ বুলি শেহত নৰখা হয়, তেওঁকো নাকে-কাণে লোৰ শলা মাৰি যেন ৰজাৰ পোতাশালত থ'ব পাৰোঁ তেনেকুৱা এটা বন্দৱস্ত লগাইহে থাকোঁ।” এইদৰে কোৱামেলা কৰি সেই ৰাতিয়েই দুয়ো বন্দৱস্ত কৰি