সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
 

কোঁৱৰ তেওঁৰ ঘৈণীয়েকেৰে সৈতে থকা হাবিত ওলালগৈ। তেঁওলোক ক'ৰ মানুহ কিয় হাবিলৈ আহিছে বুলি সৰু কোঁৱৰে পহু বিচৰা মানুহজোৰাক সুধিলত সিহঁতে ক'লে যে আমাৰ ৰজাৰ বৰ নৰীয়া। সেইদেখি তেওঁ হৰিণা পহু চাবৰ মন কৰি এহাল হৰিণাপহু বিচাৰি লৈ যাবলৈ আমাক হাবিলৈ পঠিয়াইছে। সৰু কোঁৱৰৰ ঘৈণীয়েকে তেওঁৰ গিৰীয়েকৰ পৰা ককায়েক-ভায়েকৰ আতিগুৰি আৰু পিছৰ সকলো বৃত্তান্ত শুনি থৈছিল। সেইদেখি তেওঁ ৰজাকে গিৰিয়েকৰ সেই হেৰোৱা ককায়েক বুলি বুজিছিল। এতিয়া সুবিধা বুজি তেওঁ সেই মানুহজোৰাক ক’লে “তোমালোক কাইলৈ পুৱাই ইয়ালৈ আহিবা, আমাৰ এহালি হৰিণাপহু আছে, আমি তাকে দিম। এই কথা শুনি মানুহজোৰা উভতি গ'ল। ৰাতি পুৱালত মানুহজোৰা আহি তেওঁলোকক হৰিণাপহু খুজিলত, তেওঁ সিহঁতক ক’লে, “ তোমালোক আগবাঢ়া আমি এতিয়া তোমালোকৰ পিছে পিছে হৰিণাপহু লৈ যাব লাগিছোঁ।”

 সৰুকোঁৱৰৰ ঘৈণীয়েকে ভেশচন কৰি আৰু গিৰিয়েকক মূৰে গায়ে কাপোৰ দি ঢাকি লৈ ৰজাৰ ঘৰ ওলালগৈ। তেওঁ গৈয়েই ৰজাৰ ওচৰ পাই ৰজাক ক'লে, “মই হৰিণাপহু আনিছোঁ, এটা ঘৰৰ ভিতৰত এখন আঁৰ কাপোৰ তৰাই দিয়ক আৰু ওচৰতে এটা চাকি লগোৱাই দিয়ক। মই আঁৰ কাপোৰৰ ভিতৰত আষাৰচেৰেক কথা কৈ স্বৰ্গদেৱৰ আগত পহু উলিয়াই দিম।” এইবুলি ক'লত ৰজাই সেইদৰেই দিহা কৰাই দিয়ালে। ইয়াৰ পিছত সৰু কোঁৱৰৰ ঘৈণীয়েকে আঁৰ-কাপোৰৰ ভিতৰত সোমাই চাকিটোক সম্বোধন কৰি ক'বলৈ ধৰিলে—

 “শুনিছা বন্তি! —আই আছিল পাটমাদৈ, বোপাই আছিল ৰজা! পাটৰ কাপোৰ ঘিণত নিপিন্ধিলোঁ, এতিয়া হলোঁহি প্ৰজা॥

 এক এনেকৈ কুটীল মাহীয়ে এনেকৈ দিলে খেদি। এক এনেকৈ ৰাতিয়েই হালিয়ে ঘোঁৰাত আহিলো উঠি।

এক এনেকৈ বাটত আহোঁতে ভাইৰ পিয়াহ লাগিলে।
পানী বিচাৰি আহোঁতে ককাইক ভুৱা দি শুকুলী নিলে॥