সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
 

তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতি এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে। তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা; তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁৰ মৰমৰ ৰাণী পাতিছে সেইজনী ৰাক্ষসীহে। ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি ক'লে যে যদি সি সেই ৰাক্ষসীৰ হাতৰপৰা তেওঁক সৰুৱাই দিব পাৰে তেন্তে তাক তেওঁ উঠি-ৰজা পাতিব। পুতেকে এই কথা শুনি “বাৰু চেষ্টা কৰি চাওঁ” বুলি ওলাই গৈ এখন নৈৰ কাণত বহি ভাবি আছে। এনেতে এটা চিলনী ক'ৰবাৰ পৰা উৰি আহি তাৰ ওচৰতে পৰি তাক ক’লে যে “তুমি কিয় এইদৰে ভাবি আছা; তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিনচেৰেকৰ বাট গ'লে এখন ৰাক্ষসৰ দেশ পাবাগৈ। তাতে এই ৰাক্ষসী-ৰাণীৰ মাক থাকে। মাকৰ নাম মালতী আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী। তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য সিদ্ধি হ'ব।” এইদৰে যি যি কৰিব লাগিব চিলনীয়ে তাক শিকাই দিলে। চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইতবহি⸺

“আলতী মাক মালতী ঐ!
জীয়েৰৰ ন'ৰীয়া টান!”

বুলি বিনাই কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি মালতী ওলাইআহি তাক সুধিলে, “তই কোন? আলতীৰ কি হৈছে? কিয় কান্দিছ?” কোঁৱৰে উত্তৰ দিলে— “মই মালতীৰ পুতেক। তেওঁৰ বৰ মৰামুছা নৰীয়া! সেইদেখি মোৰ বুঢ়ী আইক বাতৰি দিবলৈ আহিছোঁ। তুমিনো কোন?” মালতীয়ে ক'লে, “ময়েই মালতী।” এই কথা শুনি কোঁৱৰে বৰকৈ কান্দিবলৈ ধৰিলত, মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গ'ল। কিন্তু কোঁৱৰে বৰকৈ কান্দি কান্দি মালতীক ক’বলৈ ধৰিলে, “বুঢ়ীআই, মোৰ আইৰ ইমান নৰীয়া মই দেখি আছিলোঁ