সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
 

মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা, নহ'লে তোমাক মই কটাম।” ৰজাৰ কথা শুনি মন্ত্ৰীয়ে বেজাৰ কৰি ঘৰলৈ গৈ মন-মাৰি বহি আছে। এনেতে কপৌৰজাৰ জীয়েকে সুধিলে— “আজি আপোনাৰ নো কি হ'ল? মন- মাৰি বহি আছে কিয়?” গিৰিয়েকে ক'লে— “কি ক’ম বেজাৰৰ কথা। আজি ৰাতিটোৰ ভিতৰতে দুপুৰা মাটিৰ মাহ-সৰিয়হবোৰ বুটলি আনি ডুলিত ভৰাই দিবলৈ ৰজাই মোক হুকুম দিছে; নহ'লে হেনো কাটিব।” কপৌৰজাৰ জীয়েকে ক’লে, “ইস্ বৰ কথাটো! আপুনি বেজাৰ নকৰিব, খাই-বৈ শুই থাকক; মই তাৰ দিহা কৰিম।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ অলপ ভাল লাগি তেওঁ খাই-বৈ শুই থাকিল। ইপিনে কপৌৰজাৰ জীয়েকে ৰাতি গহীন হ'লত, তাইৰ যৌতুকৰ কপৌহাল উলিয়াই দি সিহঁতক ক’লে, “বোপায়ে তহঁতক মোৰ বিপদত তাৰিবলৈ দিছে; এতিয়া তহঁতে মাহ-সৰিয়হবোৰ তুলি ডুলিত ভৰাই দিব লাগে।”
 এই কথা শুনি কপৌহাল উৰি গৈ “দেখৰমানে” যতবোৰ কপৌ আছিল এটাইবোৰ তেতিয়াই মাতি আনি সিহঁতৰ হতুৱাই ৰাতিৰ ভিতৰতে মাহ-সৰিয়হবোৰ বোটলোৱাই ডুলিত ভৰোৱাই দিয়ালে। পিছদিনা ৰজাই দেখি আচৰিত মানিলে। নাপিতেও আঁচৰিত হৈ মন্ত্ৰীক ধ্বংস কৰিবলৈ আকৌ ন-বুধি ভাবিবলৈ ধৰিলে।
 কিছুমান দিনৰ পিছত নাপিতে আকৌ এদিন ৰজাৰ গা পিটিকি থাকোঁতে ৰজাক ক'লে— “স্বৰ্গদেউ, এই মন্ত্ৰীয়েই মন্ত্ৰী নহয়, মন্ত্ৰীৰ আৰু কাম আছে!” ৰজাই “কি কাম কচোন?” বুলি সুধিলত নাপিতে ক’লে, “স্বৰ্গদেও, যি এৰাতিৰ ভিতৰতে দুপুৰা মাটিত দুটা পুখুৰী খনাই নাগ বহুৱাই দিব পাৰে সিহে আচল মন্ত্ৰী।” এই কথা শুনি ৰজাই মন্ত্ৰীক আগৰদৰে হুকুম দি ক'লে, “যদি পখুৰী খনাই দিব নোৱাৰা, তেনেহলে তোমাৰ মূৰ যাব।”
 সেই দিনাও মন্ত্ৰীয়ে ঘৰত মূৰ ঘমাই বহি আছে দেখি, নাগ-ৰজাৰ জীয়েকে দেখা পাই, “কি হৈছে?” বুলি সুধিলত তেওঁ ৰজাৰ হুকুমৰ কথা ক'লে। কথাটো শুনি ঘৈণীয়েকে ক’লে, “এইটো একো টান কথা নহয়; আপুনি খাই-বৈ মহাসুখে শুই থাকক, মই তাৰ ব্যৱস্থা কৰিম।”