সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
 

“স্বৰ্গদেউ, তেওঁৰ কোৱা কথাৰ বাহিৰে চুলি এডালৰ ইফাল-সিফাল মই কৰা নাই। তেওঁ বেপাৰলৈ যাওঁতে মোক বাৰীখন ফু-মাৰি ভাত খাব পৰা কৰি থ'ব দিছিল; ময়ো তাকে কৰিছোঁ। ঘৈণীয়েকক ম‍ই ভাত ৰান্ধিবলৈ শিকাব লাগে; আঞ্জাত লোণ-খাৰ দিবলৈ দেখুৱাবলৈ গৈছিলোঁ। ঘৈণীয়েকে তেল মাৰোঁতে ঘৰত জুই লগাই দিলে, ম‍ই কি কৰিম? তেওঁ তেওঁৰ ল'ৰাটো মাৰিবলৈ কোনো নাই বুলি দুখ কৰাত, চাকৰ থাকোঁতে গৰাকীৰ এনে দুখ হোৱা দেখি মই বেয়া পাই ল'ৰাটি মাৰি দিলোঁ। স্বৰ্গদেৱে এতিয়া বিবেচনা কৰি চাই দোষীক দণ্ড কৰক” এইবুলি পেট-ভাতুৱে ক'লে। ৰজাই বিচাৰ কৰি চাই পেট-ভাতুক নিৰ্দোষী পালে। কবুলত হৰা 'দোষত ৰজাই সাউদৰ নাকে-কাণে লোৰ শলা মৰাই সাউদক পোতাশালত থ'বলৈ আদেশ দিলে।

 তেতিয়া মন্ত্ৰীৰ ল'ৰাই আনন্দ মনেৰে সখিয়েকব ঘৰলৈ আহি সকলো কথা সখিয়েকৰ আগত ক'লে। সাউদৰ অৱস্থাৰ কথা শুনি সখিয়েকৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমা নাইকিয়াত পৰিল। এতিয়া তিনিওজনে গৈ ৰজাৰ ওচৰত নিজ নিজ চিনাকি দিলে আৰু নিজ ৰাজ্যলৈ যাবৰ নিমিত্তে অনুমতি প্ৰাৰ্থনা কৰিলে।

 ৰজাই সকলো কথা জানিব পাই সন্তোষ পালে। তাৰ পিছত ৰাণী আৰু প্ৰজাবিলাকে এই শুভ বাতৰি পাই ৰঙত তোলপাৰ লগাই দিলে। ৰজাই আৰু ৰাণীয়ে জোঁৱায়েকক খুৱাই-বুৱাই অনেক ঐশ্বৰ্য-বিভূতি দি পঠিয়াই দিলে। তেওঁলোকেও আনন্দ মনেৰে নিজ ৰাজলৈ গুচি আহিল।

চতুৰ্বিংশ সাধু

ককা। - “মই দেখিছোঁ তই আৰু এটা বেয়া কাম কৰিবলৈ শিকিছ।”

নাতি। – “কি ককাদেউতা?”

ককা। — “তই কথা বঢ়াই ক'বলৈ শিকিছ। তই অলপ জাৰকে বৰ জাৰ,