সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
 

তাক হাত দিবলৈ সাহ কৰিব নোৱাৰে। সিফালে পেট-ভাতুৱে বাৰীত যি জাবৰ-জোঠৰ আছিল সেইবিলাক আঁতৰ কৰাই মছাই-সৰাই একেবাৰে সাউদে কোৱাতকৈ ওপৰ কৰি ফু-মাৰি ভাত খাব পৰা কৰি থ’লে।

 এনেতে সিফালৰপৰা সাউদো বেপাৰ কৰি উভতি আহিল। আহোঁতে, নৈত উটাই দিয়া আম-কঠাল আদিৰ গছবিলাক সাউদে নৈত জাজী হৈ থকা লগ পাবলৈ ধৰিলে। সেইবিলাক দেখি সাউদৰ মনত এটা অসন্তোষৰ ভাব আহি সোমাল। তেওঁ ভাবিলে, মই আহোঁতে বাৰীখন চিকুণাই থ'বৰ নিমিত্তে পেট-ভাতুৰ আগত কৈ আহিছিলোঁ; কিজানি সিয়ে মোৰ মনৰ ভাব নুবুজি অন্য ৰকম কাম কৰিলে? ইত্যাদ ভাবি-চিন্তি আহোঁতে সাউদে নিজৰ ঘাট পালেহি। ঘাট পায়েই সাউদে নাৱৰপৰা নামি অইন ফালে চকু নিদিয়াকৈয়ে বাৰীৰ ফালে ল'ৰ ধৰিলে। বাৰী পাই তেওঁ দেখিলে যে পেট-ভাতুৱে মানুহ লগাই বাৰীখন মছাব সৰাবই লাগিছে। সাউদে দেখিয়েই মূৰে কপালে হাত দি বহিল। বহুত পৰ সাউদে তলমূৰ কৰি থাকি পেট-ভাতুক সুধিলে, “হেৰ! তই দেখোন একেবাৰে মোৰ সৰ্বনাশ কৰিলি অ’?” পেট-ভাতুৱে উত্তৰ দিলে, “দেউতা, বন্দীয়ে আপুনি কোৱাৰ ওপৰ হ'বলৈহে প্ৰাণপণে যত্ন কৰিছোঁ।” সাউদে আৰু একো উত্তৰ নিদি ঘৰলৈ আহি মনৰ বেজাৰত কাকো নমতা-নোবোলাকৈ শোৱাপাটীত পৰি থাকিল। পাছদিনা ৰাতিপুৱা পেট-ভাতুৱে তাৰ তলৰ বনুৱাবিলাকক ভাগে ভাগে বনলৈ পাচি দিলে। নিজে ঘৰত থাকি সাউদৰ ঘৈণীয়েকক ক’লৈ, “আই, দেউতা অনেক অনেক দিনৰ মূৰ আহি ঘৰ পাইছেহি। কালি গধূলি কিবা গা- মূৰৰ অসুখতে নেকি, দেখোন ভাত খোৱাও দেখা নাপালোঁ। এতিয়া আজি নো দেউতাক কিহেৰে ভাত খুৱাব খুজিছে বা? এই খাহীটোকে মাৰোঁ।” এইবুলি কৈ সি উত্তৰলৈ বাট নেচাই খাহীটো একে কোবেই মাৰি পেলালে। সাউদে ইয়াতো তাক একো বুলিবলৈ বাট বিচাৰি নেপালে। তাৰ পাছত পেট- ভাতুৱেও, সাউদলৈ ৰন্ধা ভাত-আঞ্জাৰ জুতি দেখুৱাবলৈ ৰান্ধনীৰ পাছে পাছে ধুম-ধুপালকৈ লৰিবলৈ ধৰিলে।

 সাউদনীয়ে পেট-ভাতুৰ দিহামতে ভাত-আঞ্জা ৰান্ধি শেষ কৰিলে।