সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
 

তেন্তে!” এইবুলি সেই ৰাতিটো গ’লত, পাছদিনা ৰাতিপুৱা সাউদে ৰজাৰ ল'ৰাক লগত লৈ ৰজাৰ ঘৰলৈ গ'ল; আদি-অন্ত সকলোখিনি কৈ দিয়াত সিহঁতৰ বন্দৱস্ত মতে ৰজাই ৰজাৰ ল'ৰাক নাকে-কাণে লোৰ শলা মৰাই পোতাশালত থৈ দিয়ালে। সাউদ ঘৰলৈ গুচি আহিলে। ৰজাৰ ল'ৰাই অসহ্য যন্ত্ৰণা ভোগ কৰি দিন কটাবলৈ ধৰিলে। কেইদিনমানৰ মূৰত এদিন ৰজাৰ ল'ৰাই ৰাতি শুই নিজৰ সুখ-দুখৰ কথাবিলাক মনত ভাবি থাকোঁতে, তেওঁৰ মনত কিবা এটা ভাব ওলাই আকৌ পূৰ্বৰ নিচিনা সুললিত মাতেৰে ৰাগ দিলে। সেই ৰাগটি আকৌ ৰজাৰ জীয়েকৰ কাণত পৰিলগৈ। ৰজাৰ জীয়েকে এই ৰাগ শুনি মনে মনে ভাবিবলৈ ধৰিলে, “মোৰ কি দুৰ্কপাল! ম‍ই যি ৰাগত মোহ গৈ পিতৃ-মাতৃৰ বিৰোধী হৈ আলহীৰ লগত বিয়া সোমালোঁ এতিয়া দেখোঁ সেই ৰাগটো আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পাওঁ। ঈশ্বৰে নো মোক কি ছল কৰিলে।” এইবিলাক কথা ভাবি-চিন্তি তেওঁ একো ঠিক কৰিব নোৱাৰি শেহত ইয়াৰ ভালকৈ ওৰ ল'বৰ নিমিত্তে তেওঁৰ গিৰিয়েকক সুধিলে— “আপোনাৰ লগত যে পিতাই মোক বিয়া দিলে মই ইয়াৰ কাৰণ একো বুজিব নোৱাৰিলোঁ। আপুনি দেখোঁ আমাৰ অচিনাকি মানুহ; পিছে পিতাই বা মোক আপোনাৰে সতে কিয় বিয়া দিলে, আপুনিয়েই বা মোক কেনেকৈ বিয়া কৰাবলৈ পালে, মোৰ আগত এই কথাৰ আঁতি- গুৰি আজি ভাঙি কওকচোন।

 তেতিয়া মন্ত্ৰীৰ ল'ৰাই ক’লে, “যিদিনাখন ৰাতি আমি তোমালোকৰ ঘৰত আলহী হৈ আছিলোঁ, সেইদিনা ৰাতি মই এটা ৰাগ দিছিলোঁ। ৰাতিপুৱা উঠি দেখোঁ তোমালোকৰ বান্দী এজনীয়ে ৰাতি ৰাগ দিয়া মানুহজন বিচাৰি আহিছে। মই তাইৰ আগত সৈ কঢ়াত মোক তাই নি ৰজাৰ আগত ভেঁটাই দিলে। তাৰ পিছত ৰজাই তোমাক মোৰ লগত বিয়া দিলে। মই এইখিনিকে মাথোন জানো।”

 তেতিয়া ৰজাৰ জীয়েকে ক'লে, “তেনেহ'লে তুমি মোক ছল কৰিহে বিয়া কৰালা!” মন্ত্ৰীৰ ল'ৰাই সুধিলে, “মই তোমাক কি ছল কৰিলোঁ?” ৰজাৰ জীয়েকে ক’লে, “আমি সেইদিনা যিজন মানুহৰ ৰাগ