পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭ কণ আৰু মন কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই-ককাই আছিল। কণ বয়সত ডাঙৰ আৰু টেঙৰ। মন বয়সত সৰু আৰু নিচেই হোজা আছিল। এদিন কণে মনক ক’লে, “বোপা, আমাৰ যে বাপতীকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰোঁ আহাঁ।” তেতিয়া মনে লাহেকৈ উত্তৰ দিলে— “ককাই, তুমি কোৱা কথাটো সঁচা, আমাৰ নো বস্তুবিলাক ভিতৰত সোমাই থাকি কি হ’ব? আমি চলিয়তকে কৰোঁহঁক আহাঁ।” কণে ক’লে, “আমাৰ থকা ফটা- কঁথাখন জাৰকালি ৰাতি মই লৈ শুম, দিনত তুমি লৈ শুবা।” মনে উত্তৰ দিলে, “বাৰু।” সেইদিনাৰপৰা ফটা-কঁথাখন দিনত গাত লৈ শোৱে হয়, কিন্তু জহৰ প্ৰতাপত সি শুব নোৱাৰি গাৰপৰা খহাই পেলাই দিব লগাত পৰে। এইদৰে মনে ফটা কঁথাখন কিছুমান দিন লৈ আমনি লাগি দিনত ৰ'দত শুকাই জোকাৰি ধূলি-মাকতি গুচাই চাঙত তুলি থৈ দিয়ে, নিশা কণে গাত লৈ সুখেৰে শুই থাকে। মন জাৰত শুব নোৱাৰি নিশা বহি থাকে। ইয়াৰ কিছুমান দিনৰ পিছত আৰু এদিন কণে মনক ক'লে, “বোপা, আমাৰ বাৰীৰ যিমানবোৰ গুটিলগা গছ-গছনি আছে তাৰ গুৰি ভাগৰ কামৰ ভাৰ তুমি লোৱা আৰু আগ ভাগৰ ভাৰ মই লওঁ।” তেতিয়া মনে ক’লে, “বাৰু, লোৱা।” এইবুলি মনে সেইদিনাৰ পৰা গছৰ তলবিলাক চিকুণাই সাৰ, পানী আদি যোগায়; সেই নিমিত্তে অতি সোনকালে গছৰ ফলবোৰ ধৰে, কণে ফলবোৰ নি মহা আনন্দেৰে খাই পেলায়। এইদৰে কিছুমান দিনৰ পাছত কণে মনক আকৌ এদিন ক’লে, “বোপা, আমাৰ যে সেই কলী গৰুজনী আছে তাইৰ আগফাল তুমি লোৱা, পাছফাল ম‍ই লওঁ।” তেতিয়া মনে উত্তৰ দিলে, “ককাই, মই তোমাক কথা কেতিয়াও দলিয়াই নেপেলাওঁ, এতেকে তোমাৰ যি ইচ্ছা তাকে কৰা।” সেইদিনাৰ পৰা মনে গৰুজনী খুৱাই-বুৱাই ভালকে বান্ধি— কুন্ধি থয়, কণে গাখীৰটুপি খীৰাই নি খাই থয়। কিছুমান দিনৰ পিছত