সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
 

নেদেখাকৈ তাৰ পাছে পাছে গ'ল। কিছুমান দূৰ গৈয়েই ল'ৰাটোৱে কিছুমান মানুহ, গৰু আৰু ঘোঁৰাৰ হাড়-মূৰ দেখিবলৈ পালে। সেইবোৰ দেখি তাৰ মনত সন্দেহ হ'ল যে, কথা কিবাহে; পণ্ডিত মানুহ নহয়, ৰাক্ষসহে। তেতিয়া সি ভয়ত ঠক্‌ঠক কৰে কঁপিবলৈ ধৰিলে। এনেতে মৰা মানুহৰ মূৰবিলাকে ল'ৰাটোক মাত লগালে— “ক’ৰ মানুহ ক’লৈ আহিছ?” ল'ৰাটোৱে আচৰিত হৈ মূৰবোৰৰ ফালে চাই থাকিলত, মূৰবোৰে আকৌ মাত লগালে, “ক’ৰ মানুহ ক'লৈ আহিছ, বেগেতে ক; নহ'লে মৰিবি এতিয়া৷” ল'ৰাটোৱে এই কথা শুনি সিহঁতক আগৰপৰা গুৰিলৈকে তাৰ সকলোবিলাক কথা ক'লত মূৰবিলাকে তাক ক'লে— “এইখন ৰাক্ষসৰ দেশ। তই যিটো পণ্ডিতৰ লগত আহিছে সি মানুহ নহয়, ৰাক্ষসহে। সি আমাকো তোৰ দৰে ছলি আনি খালে। সি নৈত গা ধুবলৈ গৈছে, এতিয়াই উভতি আহি তোক খাই পেলাব। যদি তই তৎক্ষণাৎ পলাই যাব পাৰ, তেন্তে সাৰিব পাৰিবি, নহ'লে তোৰ আমাৰ দশাই লগ ল'ব যদি লৰালৰিকৈ পলাব নোৱাৰ, তেন্তে আৰু এটা বুধি আছে। তই জানো সাহ কৰি ৰাক্ষসটো কাটিব পাৰিবি? তোৰ গাত বল আছে নে? যদি আছে, তেন্তে কওঁ শুন— সেই ঘৰটোৰ ভিতৰতে বেৰত আঁৰি থোৱা খাণ্ডা এখন আছে। তাৰেই সি আমাৰ মূৰ কাটিছিল, তোৰও কাটিব। তই যদি সেই খাণ্ডাখন লৈ সেই ঘৰৰ দুৱাৰচুকত লুকাই থাকি, সি ঘৰ সোমাওঁতেই তৰ্কিব নোৱাৰাকৈ কোব মাৰি তাৰ মূৰটো কাটিব পাৰ, তেন্তে ৰক্ষা পৰিবি, নতুবা তোৰফালে সাং।” মূৰবোৰৰ কথা শুনি ল'ৰাটোৱে পাৰিম বুলি ক’লত, সিহঁতে আকৌ ক'লে, “তেন্তে তই ৰাক্ষসটোক কাটিয়েই তাৰ মূৰৰ তেজ অলপমান আনি যদি আমাৰ মূৰতও চটিয়াই দিয়, তেন্তে আমিও জী আগৰ নিচিনা হম।” ল'ৰাটোৱে সেইটোও কৰিবলৈ গাত লৈ ঘৰ সোমাই খাণ্ডাখন লৈ দুৱাৰত লুকাই থাকিল। এনেতে ৰাক্ষসে গা-পা ধুই আহি ঘৰ সোমাবলৈ গ'ল। যেই সি দুৱাৰদলিত ভৰি দিলে, ল'ৰাটোৱে বিজুলীসঞ্চাৰে আহি খাণ্ডাখনেৰে কোব মাৰি তাৰ মূৰটো কাটি মাটিত পেলালে আৰু তেতিয়াই তাৰ তেজ লৈ সেই মূৰবোৰৰ ওপৰত চটিয়াই দিলত, সিহঁত একোটা দিব্য পুৰুষ হৈ উঠি বহিল।