সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৪৪

উপায় কৰি দিয়ক! মই মোৰ এবাহ ল'ৰা-ছোৱালীৰে সৈতে বামুণীজনীক কৰোঁ কি?” বামুণৰ আতঙ্কৰ কথা শুনি গণকে বামুণক আশ্বাস দি কড়ি এমুঠি উলিয়াই মাৰি পঠিয়াই আকৌ ভালকৈ গণিবলৈ লাগিল। গণি অঁতাই গণকে ক'লে— “পাইছোঁ, উপায় পাইছোঁ। তুমি থিৰ হোৱাঁ। তুমি যদি বুঢ়াৰ বাৰীৰ দক্ষিণফালৰ ভলুকা বাঁহজোপাৰ এটা বাঁহ আনিব পাৰা তেনেহ'লে বুঢ়াৰ ঘৰত মানুহ মৰিব।” এই কথা শুনি পুৰোহিতে অলপ উশাহ পাই বুঢ়াৰ ঘৰলৈ গৈ বুঢ়াক সেই বাঁহজোপাৰ বাঁহ খুজিলে আৰু বুঢ়াইও তেওঁক বাঁহ এটা দিলে। কিন্তু এইকথা বুঢ়াৰ সৰু বোৱাৰীয়েকে শুনিবলৈ পাই সেই বাঁহটোৰ পাত খাবৰ নিমিত্তে তেওঁলোকৰ কপিলী গৰুজনী এৰি দিলে আৰু গৰুজনী বাঁহপাত খাই ঘৰলৈ গুচি আহিল।

 এইদৰে এমাহমান গ'ল, কিন্তু পুৰোহিত বামুণে আচৰিত মানিলে যে বুঢ়াৰ ঘৰত কাৰো নৰীয়াও নহ'ল কোনো নমৰিলও। মনৰ দুখত মনতে টোপোলা বান্ধি লৈ বামুণে আকৌ টক্‌টুক্ কৰে গণকৰ ঘৰ ওলালগৈ। গণকে “কি হ’ল, কিয় আকৌ আহিলা?” বুলি বামুণক সুধিলত বামুণে হুমুনিয়াহ কাঢ়ি ক'লে— “এ, কিনো কম, কি নো শুনিবা! আজি এমাহ হ'লহি, আপুনি কোৱাৰ দৰে সেই বাঁহজোপাৰ পৰা বাঁহ এটাও আনিলোঁ, কিন্তু ক'তা? কাৰো দেখোন একো নহ'ল? সিফালে খাবলৈ নাপাই মোৰ ঘৰত ল'ৰা-ছোৱালী মখাৰ হা-হা কা- কা লাগিছে। মই ক’লৈ যাওঁ কৰো কি?” এই কথা শুনি গণকে আচৰিত মানি আকৌ পুথি-পাঁজি মেলিলে। কিছুপৰ গণি-পঢ়ি চাই তেওঁ বামুণক ক'লে— “অ’! এটা কথা হ'ল— বাঁহটোৰ পাত কপিলী গৰু এজনীয়ে খালে, আৰু লক্ষ্মী সেই কপিলীৰ গাতে ৰ'ল। এতিয়া যদি তুমি গাইজনী বুঢ়াৰ ঘৰৰ পৰা আনিব পাৰা তেনেহ'লে মোৰ কথা ফলিয়ায় নে নফলিয়ায় চাবা।” গণকে এই বুলি ক'লত পুৰোহিতে আকৌ বুঢ়াৰ আগত ক’লেগৈ যে “মোৰ এটা ল'ৰা উপজিছে, তাক গাখীৰ কিনি খুৱাবলৈ মোৰ শকতি নাই। আপুনি যদি আপোনালোকৰ আশ্ৰিত দুখীয়া বামুণক মৰম কৰি কপিলী গাইজনী দিয়ে, তেন্তে দৰিদ্ৰ ব্ৰাহ্মণ সন্তানে