সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
 

আছে, তুলসীৰ তলত এক লাখ আৰু গা-ধোৱা শিলছতাৰ তলত এক লাখ, মুঠতে তিনি লাখ টকা আছে। তই গা-পা ধুই মোৰ তুলসীৰ মালাধাৰ হাতত লৈ ‘মোৰ পিতৃৰ ৰূপবান ক'ত কি আছ ওলাই পৰ’ বুলিলেই এটাইবোৰ ওলাই পৰিব। সেই ৰূপ বানেৰেই তই সুখেৰে ৰাজ্য পালন কৰি খাই-লৈ থাকিব পাৰিবি।” বোৱাৰীয়েকে “ভাল দেউতা” বুলি শলাগিলত বিক্ৰমাদিত্যৰ ভেলটোৰ পৰা জীৱতো ওলাই গ'ল, পুতেকে ধোঁৱাখোৱা লৈ বেগাবেগিকৈ আহিও বাপেকক নেপালেহি। বাপেকৰ মৰা-শটোৰ ওচৰত ঘৈণীয়েকক দেখি তেওঁ সুধিলে— “দেউতাই মৰিবৰ সময়ত কিবা কৈছিল নে?” ঘৈণীয়েকে “একো কোৱা নাই” বুলি গিৰিয়েকক ফাঁকি দিলে।

 ইয়াৰ পিছত পিতাকৰ কাঠসংস্কাৰ কৰি ৰজাৰ পুতেক, ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গ'ল। ঘৰত কিছুদিন থকাৰ পিছত তেওঁলোকৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ বৰ দুৰৱস্থা হ'ল। মাকে দিনটো মাগি খুজি কোনোমতে দুকঠিমান চাউল গোটাই আনে, তাৰ একঠি মাক পুতেকে দুয়ো খায়, আৰু একঠি অকলৈ বোৱাৰীয়েকক দিয়ে, কাৰণ লোকৰ জীয়ৰী, তাই খোৱাত দুখ পালে আজি ধৰিয়েই যদি গুচি যায়, তেন্তে কোনে তাইক কি কৰে?

 এইদৰে তেওঁলোকে দুখে কষ্টে কিছুদিন চলিছে, এনেতে একদিনা-প্ৰতি ভোজ ৰজাই তেওঁৰ ঘৰত ভোজ পাতি জ্ঞাতি-কুটুম, অঙহি-বঙহি সকলোকে ভোজ খাবলৈ নিমন্ত্ৰণ কৰিলে। জীয়েকক ৰজাই ভোজ-ৰান্ধনী পাতি মাতি মতাই পঠিয়ালে। যিদিনা বাপেকৰ ঘৰৰপৰা জীয়েকক লৈ যাবলৈ মানুহ আহিছিল, সেহদিনা বিক্ৰমাদিত্য ৰজাৰ পুতেক কৰবালৈ ওলাই গৈছিল, ঘৰত নাছিল, সেইদেখি ঘৈণীয়েকে গিৰিয়েকক লগ নাপাই শাহুয়েকৰ আগতে কৈ গ’ল— “আই, দহোকুৰি, বধলাগে, মোৰেই শপত আপোনাৰ পুতেকক মোৰ মোৰ বোপাইৰ ঘৰলৈ পঠিয়াই দিব, “আৰু ভোজৰ ৰভাৰ মাজত খুটাটোতে বহিবলৈ কব।” শাহুয়েকে “বাৰু কম” বুলি শলাগি থাকিল। পুতেক আহিলত মাকে ক'লে, “বোপাই, শহুৰেৰৰ ঘৰত আজি বৰ ভোজ পাতিছে।