সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১১৮

পেট-ভাতুৰ কথা

 কোনো এক দেশত এজন ৰজা আছিল। ৰজাজনৰ এটি ল'ৰা আছিল আৰু তেওঁৰ মন্ত্ৰীজনৰো এটি ল'ৰা আছিল। সৰুকালৰে পৰা ৰজাৰ ল'ৰাৰ লগত মন্ত্ৰীৰ ল'ৰাৰ বৰ মিল আছিল আৰু দুয়োজনে সখি বন্ধাইছিল। তেওঁলোকৰ ভিতৰত এনে বন্ধু-ভাব হৈছিল যে দুয়ো কেতিয়াও এৰা এৰি নহৈছিল। খোৱা-বোৱা আদি কামবিলাক দুয়োজনৰে একেলগে চলিছিল। যেতিয়া তেওঁলোক ডাঙৰ হ'ল, লেখা- পঢ়া শিকি তেওঁলোকৰ বুদ্ধি চোকা হ'ল তেতিয়া দুয়োজনৰ মনত দেশ চাই ফুৰিবৰ ইচ্ছা জন্মিল। বাপেক-মাকে এই কথাৰ গম পালে তেওঁলোকৰ ইচ্ছা পূৰ্ণ নোহোৱাৰ ভয়ত দুয়োজনে মনে মনে বাপেক মাকে বাতৰি নোপোৱাকৈ এদিনাখন ৰাতি পলাই গ'ল। ৰজাই আৰু মন্ত্ৰীয়ে পাছদিনা পুতেকহঁতক দেখা নাপাই বৰকৈ বিচাৰ-খোচাৰ কৰিলে, কিন্তু কোনো ঠাইতে তেওঁলোকৰ বাতৰি নেপালে। শেষত ৰজা আৰু মন্ত্ৰী দুয়ো অসন্তোষ মনেৰে থাকিল। সিফালে দুয়োজন সখিয়েকে অনেক ঠাই ফুৰি ফুৰি এক ৰজাৰ নগৰত ওলালগৈ। সেইদিনা ৰাতি সেই ৰজাৰ ঘৰত থাকিবলৈ মন কৰি গধূলি সময়ত দুয়ো ৰজাৰ ঘৰ পালেগৈ। ৰজাঘৰৰ মানুহেও গধূলিৰ অতিথি দেখি তেওঁলোকক সোধ- পোছ কৰিলে। তেওঁলোকেও, “বহুত ঠাই ফুৰি আমাৰ ভাগৰ লাগিছে, আজি ৰাতিটো ইয়াতে পৰি থাকোঁ” বুলি ক'লে। ৰজাঘৰৰ মানুহে তেওঁলোকক তেতিয়াই বঢ়িয়াকৈ খোৱা-শোৱা আদিৰ দিহা কৰি দিলে। তেওঁলোকে মহা আনন্দেৰে খাই-বৈ ৰজাৰ ঘৰতে শুই থাকিল।

 ৰাতি দুয়োজনৰ টোপনি আহিল। কিছুমান সময়ৰ মূৰত ৰজাৰ ল'ৰাই সাৰ পালে। সাৰ পাই, সেইদিনা ৰজাৰ ঘৰত নিজৰ ঘৰৰ দৰে খাবলৈ-শুবলৈ পাই ৰজাৰ ল'ৰাই মনৰ আনন্দত এটা ৰাগ দিলে। যদিও তেওঁলোক দুজনে সোনকালে খাই-বৈ শুই সাৰ পালে কিন্তু ৰজাঘৰৰ মানুহে সেই সময়ত খাই-বৈ উঠিছিলহে। ৰজাৰ পুতেকৰ ৰাগটো শুনি