সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
 

পোক-লগাটো ঘৰৰ ভিতৰত আছে নে? আছে যদি মই ঘৰৰ ভিতৰলৈ আৰু নাযাওঁ; তুমিয়েই এখন্তেক ওলাই আহাঁ, তোমাক চাই গুচি যাওঁ।”

 এইদৰে কিছুদিন থকাৰ পিচত এদিন শিয়াল-পগলাই গা ধুবলৈ তপত পানী বিচাৰি লিগিৰীজনীক পানী তপতাই আনি দিবলৈ কলে। লিগিৰীয়ে পানী আনিলত, শিয়াল-পগলাই তাইক পানী থৈ যাবলৈ ক'লত লিগিৰীজনীয়ে তাৰপৰা গৈ আঁতৰৰ পৰা লুকাই থাকি, সি গা ধোৱা চাই আছিল। এনেতে শিয়াল-পগলাই তাৰ মোটটোৰ মুখৰডোখৰ গুচাওঁতেই মুখখন ডিঙিলৈকে ওলাই জোনটো জিলিকাদি জিলিকিবলৈ ধৰিলত, তাই দেখি লৰি গৈ ৰজাৰ জীয়েকৰ আগত ক’লেগৈ— “আইচ্‌ লৰি আহক, চাওকচোন! তেওঁ কিবা মোট পিন্ধিহে ভেশচন কৰি আছিল।

 এই কথা শুনি ৰজাৰ জীয়েকে লৰি আহি দেখিলে যে লিগিৰীৰ কথা সঁচা। ঠানুৱা গিৰিয়েকৰ ৰূপ চাৰিওফালে চিটিকি পৰিছে। তেওঁ লৰালৰিকৈ আহি গিৰিয়েকৰ মোটটো ফালি পেলাই দি হুৰ্‌ হুৰ্‌ কৰে গাত পানী ঢালি ঘঁহি-পিহি দিলে; আৰু তেতিয়াই তেল-টেঙা অনাই ঘঁহি চাফ-চিকুণ কৰি কাপোৰ কানি পিন্ধাই দিলত গিৰিয়েক দিপ্ লিপ পুৰুষজন হ'ল।

 ইয়াৰ পিছত গিৰীয়েকে ঘৈণীয়েকৰ আগত আগৰপৰা গুৰিলৈকে তেওঁৰ সকলো কথা ক'লে। লিগিৰীয়ে লৰি গৈ ৰজাৰ মাদৈক ক'লে— “মাদৈ, আহক চাওকহিচোন আপোনাৰ জোঁৱায়েকক। তেওঁ কিবা ভেশচন কৰি হে আজি অতদিন আছিল। আজি আইচুৱে তেওঁক গা ধুৱাই দিছে, যেনেকৈ হে তেওঁ জিলিকিছে, বেলিটোলৈকে চাব পাৰি তেওঁ আপোনাৰ জোঁৱায়েকৰ ফালে চাব নোৱাৰি।” এই কথা শুনি, লিগিৰীজনীয়ে তেওঁক ঠাট্টা কৰিছে বুলি মাদৈয়ে হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে। ৰজাই মাদৈৰ কান্দোন শুনি লৰি আহি কি হৈছে বুলি সুধি সেই কথা শুনি একেলৰেই জীয়েক-জোঁৱায়েকৰ ঘৰ ওলালগৈ। তেওঁ গৈ দেখে যে কথা সঁচা। তেতিয়া মাদৈও আহি তাতে ওলাই আনন্দত জীয়েক জোঁৱায়েকৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে।