সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯০

উলিয়াই দি সিহঁতক ক’লে—“চাচোন এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ?” কুঁজাই ততালিকে সেই সুৰুঙাইয়েই, বাটত পাই অনা লেজুডাল সৰকাই দি ক’লে, “আমাৰো চুলি এডাল ছিঙি দিছোঁ, ধৰিবি।” লেজুডাল দেখিয়েই ৰাক্ষস কোঁচ-মোচ খাই পৰিল। সি ভাবিলে – আও! ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়, তেন্তে ইহঁত বীৰকেইটাই বা কিমান ডাঙৰ। ৰাক্ষসে এইদৰে ভাবি থাকোঁতেই কুঁজাই ৰাক্ষস চুলিডাল ডোখৰ ডোখৰকৈ ছিঙি পেলাই পেংলাইকৰি মাত লগালে, “বৰ বীৰটোৰ চুলিতে চিন পালোঁ। বাৰু তোৰ মূৰৰ ওকনী এটা দেচোন চাওঁ কিমান ডাঙৰ?” ৰাক্ষসে এই কথা শুনি মূৰৰপৰা ওকণী এটা আনি সৰকাই কুঁজাৰ হাতত পেলাই দিলত কুঁজাই হো-হো-কৰে হাঁহি ওকণীটো ফুটাই, “হোঁ, মোৰ মূৰৰ এইটো ওকণী নি ফুটাচোন” বুলি দুৰাকাছটো ৰাক্ষসক দিলে। ৰাক্ষস অবাক। সি কোনোমতেই দুৰাকাছটো ফুটাব নোৱাৰিলে। তেতিয়া সি ভাবিলে, সঁচাকৈয়ে তাতকৈ ইহঁত ডাঙৰ বীৰ। এনেতে কণাই মাত লগালে, “হেৰ, তোৰ এচৰু গাখীৰ আমাক দে আমি খাওঁ আৰু আমাৰ এই চৰু গাখীৰ তই খাচোন।” এই বুলি চূণৰ মলাটো ৰাক্ষসৰ হাতত কুঁজাই দিলে। ৰাক্ষসেও ভিতৰৰপৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে। ৰাক্ষস আগৰ দুটা কথাত লাজত পৰি আছিল, সেইদেখি চূণমলা পায়েই সি গাখীৰ বুলি একেসোঁহাই খাই পেলালে। চূণে ডকাত তৎ নাপাই ৰাক্ষস বলিয়া হ'ল আৰু শেহত সি নিজৰ জিভাখনকে আজুৰি ছিঙি ডেডাউৰিয়াই মৰি থাকিল।

 কণা-কুঁজা ৰাতি বাহিৰতে থাকিল। পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰক সোমাই দেখিলে যে তাত অনেক হীৰা, মুকুতা, সোণ, ৰূপ আছে। দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল। সিহঁতে ঘৰৰ ওচৰা-ওচৰি পালত, সোণ-ৰূপ-হীৰা-মুকুতাবোৰ ভগাই ল'বৰ মন কৰিলে। কুঁজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ ল'বলৈ ক'লত, কণাৰ হাত সৰহীয়া ভাগত পৰিল। কুঁজাই দেখি “ভগোৱা বেয়া হৈছে” বুলি কৈ আকৌ আগৰদৰে ভগাই সৰহীয়া