১৫২
সেইজনীয়েই তাৰ আচল মাক।” মন্ত্ৰীৰ কথামতে কৰা হ'লত দেখা গ'ল
ল'ৰাটোৰ আচল মাকৰ পিয়াহ ওলাই তাইৰ বুকুৰ সাত তৰপ কাপোৰ
তিতি গৈছে, আৰু মালিনীৰ কাপোৰ শুকান। ইয়াকে দেখি ৰজাই
তেতিয়া আচল মাকক ল'ৰাটো দি দিলে। মাকে হেৰোৱা মাণিক
পুতেকক পাই ৰজাক আশীৰ্বাদ দি গুচি গ'ল আৰু সেই নগৰৰে এঘৰ
মানুহৰ ঘৰত আশ্ৰয় লৈ থাকিলগৈ।
এইদৰে কিছুকাল যোৱাৰ পিছত, সেই নগৰৰ ৰজা ঢুকাল। ৰজাৰ
ল'ৰা নাছিল; সেইদেখি পাত্ৰ-মন্ত্ৰীসকলে ৰজা পাতিবলৈ ৰজাৰ যোগ্য
সুলক্ষণীয় ল'ৰা এটা বিচাৰিবলৈ ধৰি সেই ল'ৰাটোকে তেনে-যেন দেখি
আনি সিংহাসনত বহুৱাই ৰজা পাতি সেৱা কৰিলে; আৰু মাককো নি
ৰাজঘৰত থ'লে। ল'ৰাটোৰ নাম সোণ-বৰিষ ৰজা হ'ল।
একদিনাপ্ৰতি সোণ-বৰিষ ৰজাই মাকক সুধিলে, “আই, মোৰ নো
বোপাই নাই নে?” মাকে উত্তৰ দিলে, “আছিল, কিন্তু তেওঁ ক’লৈ গ'ল
ক'ব নোৱাৰোঁ, এইবুলি মাকে পুতেকৰ আগত তেওঁলোকৰ আগৰপৰা
গুৰিলৈকে সকলো বৃত্তান্ত ক'লে। মাকে সোণ-বৰিষ ৰজাক ক’লে, “তুমি
এটা পুখুৰী খনাওঁ বুলি ৰাজ্যত জাননী দি কোৱা যে, যি পুখুৰী
খানিবলৈ আহিব, মানুহটোৱে প্ৰতি॥0 অনাকৈ পইচা আৰু এমহাকৈ
সোণ দিয়া যাব।” ৰাজমাওৰ কথামতে সোণবৰিষ ৰজাই জাননী দিলত
অনেকে পুখুৰী খানিবলৈ আহিল। ৰজাৰ মাকে পুখুৰীৰ পাৰতে সেই
তিনি-ঠোঁটীয়া চৰাইটো বন্ধাই থৈ কোটোৱালক ক'লে, “যি এই
চৰাইটোৰ মাত শুনি কোৰৰ নালত মূৰ থৈ বেজাৰ কৰিব তাকে মোৰ
ওচৰলৈ ধৰি লৈ আহিবি।”
যি বামুণৰ ঘৰত সোণ-বৰিষ বাপেকে হালোৱা হৈ আছিল সেই
বামুণে, ৰজাই পুখুৰীখনোৱা আৰু খানিবলৈ গ'লে পইচা আৰু সোণ
দিয়া কথা শুনি তেওঁৰ হালোৱাটোকো পুখুৰী খানিবলৈ পঠিয়াই দিলে।
সেই হালোৱাই পুখুৰী খানিবলৈ আহি তাতে সেই তিনি-ঠোঁটীয়া