পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বামুণে দেখিলে যে এটা বলদ গৰু সেই ফাললৈকে আহিছে; তাৰ পিঠিত এটা বগলী উঠি আছে আৰু বগলীটোৱে দূৰৰপৰা বামুণক ডিঙি মেলি মেলি চাইছে। ইয়াকে দেখি বামুণে আগৰ দৰেই আৰু দুফাকি শ্লোক ৰচনা কৰিলে— “এখুজি-দুখুজিকে ক’লৈ যোৱাঃ। ডিঙি মেলিং মেলিং কালৈ চোৱাঃ॥” ইয়াৰ পিছত অলপ বাট গৈ বামুণে এজোপা লাওগছত ফুল ফুলি থকা দেখি আৰু এফাকি শ্লোক সাজিলে— “লাও ফুল ফুলাঃ।” ইয়াৰ অলপপৰৰ পিছত ৰাজসভাৰ ওচৰাওচৰি হওঁতেই বামুণে তওঁৰ ওচৰচুবুৰীয়া চিনাকি পেটগাধৰি নামৰ বামুণক দেখি এচৰণ শ্লোক সাজিলে— “পেট-গাধৰি বাপু ক'লৈ যোৱাঃ।” কিছুপৰৰ মূৰত বামুণে ৰাজসভাত ওলালগৈ আৰু ৰজাক দেখি তলত দিয়া “শ্লোকটো” মাতি তেওঁ “মহাৰাজৰ কুশল হওক” বুলি আশীৰ্বাদ কৰিলে— 366/A “খুচুৰ-মুচুৰ মাটি খোচৰাঃ। কুচুটি-মুচুটি বহি কিং কৰাঃ। এখুজি-দুখুজিকৈ ক’লৈ যোৱাঃ। ডিঙি মেলিং মেলিং কালৈ চোৱাঃ॥ লাও ফুলং ফুলাঃ। পেট-গাধৰি বাপু ক’লৈ যোৱাঃ॥' ৰজাই এই “শ্লোক”টো শুনি বিস্ময় মানি বামুণক তাৰ অৰ্থ ভাঙিবলৈ ক'লত বামুণে, কাটে-মাৰে যি কৰে কৰক বুলি ভয়ত কঁপি কঁপি, আদিৰেপৰা অন্তলৈকে সকলো কথা ৰজাৰ আগত ভাঙি ক’লে। বামুণৰ কথা শুনি ৰজাই বামুণক হোজা দেখি তেওঁলৈ মৰম লাগি এচৰু ৰূপ আৰু এচৰু সোণ তেওঁক দি পঠিয়াই দিলে। ৰজাই বামুণক ৰূপ- চৰু আৰু সোণ-চৰু দিওঁতে পেট-গাধৰি বাপুও ৰজাৰ সভাতে থাকি সেইটো দেখি আছিল। বামুণে সোণ-ৰূপ দুচৰু লৈ ঘৰলৈ উভতি আহি মিচিক্‌ক্কৰে হাঁহি বামুণীৰ আগত বাকি দিলে। বামুণীয়ে ইমানবোৰ সোণ-ৰূপ দেখি আনন্দত উত্ৰাৱল হৈ গিৰিয়েকক সুধিলে – “কোৱাচোন কোৱা,